
গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)। কলিয়াবৰত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। খেদি খেদি দুজন গৰু চোৰ কৰায়ত্ত কৰে আৰক্ষীয়ে।পাঁচটাকৈ চুৰি গৰু সহ জব্দ এএছ ০১আৰচি ৬৮১৮ নম্বৰৰ এখন পিকআপ ভান। কাজিৰঙাৰ দিশৰ পৰা নগাঁৱৰ দিশে আহি আছিল চোৰাং গৰু ভৰ্তি টাটা ম'বাইল বাহন খন। বাগৰিত আৰক্ষীয়ে বাহন ৰখাবলৈ সংকেত দিয়ে যদিও আৰক্ষীৰ সংকেত নামানি পলায়ন কৰে গৰু চোৰৰ বাহনখন।
খাটোৱাল আৰু জখলাবন্ধা আৰক্ষীয়ে বাগৰিৰ পৰা পিছে পিছে খেদি খেদি আহে গাড়ী খন। চোৰাং গৰুভৰ্তি বাহনখন বৰভগীয়াৰ এটা গ্ৰাম্য পথেদি আহি নিয়ন্ত্ৰণ হেৰুৱাই এখন বাঁহবাৰীত সোমাই যায়। আৰক্ষীয়ে ৫টা গৰুসহ বাহনখন জব্দ কৰে যদিও আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে তিনিটাকৈ গৰুচোৰ। অৱশ্যে স্থানীয় লোকে এটা চোৰক বৰভগীয়াতে কৰায়ত্ত কৰাৰ লগতে পলায়ন কৰা আন এটা চোৰক হাতীগাঁও অঞ্চলত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ