উথপথপ দ্বীপৰ বিলৰ 'বিল মাৰা' উৎসৱ
দ্বীপৰ বিলৰ 'বিল মাৰা' উৎসৱ ।
উথপথপ দ্বীপৰ বিলৰ 'বিল মাৰা' উৎসৱ


কামৰূপ, ০৪ জানুৱাৰী (হি.স.): ঐতিসাহিক দ্বীপৰ বিলত আজি মাঘ বিহুৰ আগৰ দেওবাৰ উপলক্ষে কাহিলিপুৱাৰে পৰা উখল মাখল পৰিৱেশ বিৰাজ কৰে। দ্বীপৰ বিলত আজি দেওবাৰে কাহিলিপুৱাৰে পৰা আৰম্ভ হৈছে 'বিল মাৰা' উৎসৱ ।

দ্বীপৰ বিলৰ দাতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পুৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ । দ্বীপৰ বিলৰ দাতিকাষৰীয়া লোকসকলে প্ৰায় মাহযোৰা প্ৰস্তুতিৰে নাও ৰংকৰাকে ধৰি নাও মেৰামতি, বিভিন্ন প্ৰকাৰ মাছ মৰা জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাৰে মাছ । এইবাৰ বিলত একেলগে নামিল প্ৰায় ৫০০ খনৰো অধিক নাও আৰু প্ৰত্যকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিছে। ইফালে এই মাছ ধৰা পৰ্ব প্ৰত্যক্ষ কৰিবলৈ তথা সোৱাদ ময় মাছ ক্ৰয় কৰিবলৈ দ্বীপৰ বিলৰ পাৰতপুৱাৰে পৰাই বহু সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande