
তিনিচুকীয়া, ০৪ জানুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলত আলু খেতিক কেন্দ্ৰ কৰি আত্মনিৰ্ভৰ হোৱাৰ পথত আগবাঢ়িছিল বহু উদ্যমী যুৱক। কিন্তু চলিত বৰ্ষত আলুৰ ন্যূনতম বজাৰ মূল্য নোপোৱাৰ ফলত সেই আশা এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছে। বজাৰত প্ৰতি কিলো আলুৰ মূল্য ২৫ টকা হ’লেও খেতিয়কে পাইছে মাথোঁ ৬–৭ টকা। এই ভয়ংকৰ মূল্য ব্যৱধানৰ আঁৰত কোন এই মধ্যভূগীসকল—সেই প্ৰশ্নই এতিয়া জোৰদাৰ ৰূপ লৈছে।
খেতিয়কসকলৰ অভিযোগ মতে, তেওঁলোকে কঠিয়া আলু প্ৰতি কিলো ৬০ টকাকৈ ক্ৰয় কৰি খেতি আৰম্ভ কৰিছিল। কিন্তু উৎপাদনৰ পাছত বজাৰত উপযুক্ত মূল্য নোপোৱাৰ ফলত এতিয়া তেওঁলোক ভীষণ লোকচানৰ মুখামুখি হৈছে। এনে পৰিস্থিতিত বহু খেতিয়ক ৰাজপথলৈ ওলাই আহিব লগীয়া অৱস্থাত উপনীত হৈছে। অন্যহাতে, বহিঃৰাজ্যৰ পৰা অহা নিম্ন মানদণ্ডৰ আলুৱে অসমৰ বজাৰ ভৰি পৰাৰ ফলত স্থানীয় খেতিয়কসকল বঞ্চিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। উচিত বজাৰ মূল্য নোপোৱাৰ বাবেই আলু খেতিৰ লগত জড়িত বহু উদ্যমী যুৱক বৰ্তমান ঋণৰ বোজাত পোত খাই পৰিছে। ঋণ লৈ খেতি আৰম্ভ কৰা এই যুৱকসকলৰ ভৱিষ্যৎ এতিয়া অনিশ্চিত দিশে আগবাঢ়িছে।
শদিয়াৰ বিস্তীৰ্ণ নৈ-পৰীয়া চাপৰি অঞ্চলত প্ৰায় ২৫০০ হেক্টৰৰো অধিক মাটিত আলু উৎপাদন কৰি পূৰ্বতে বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল। কিন্তু চলিত বৰ্ষত কম মূল্যৰ বাবে মাত্ৰ প্ৰায় ৩০ শতাংশ আলুহে বজাৰলৈ উলিয়াবলৈ সক্ষম হৈছে খেতিয়কসকল। বাকী প্ৰায় ৭০ শতাংশ আলু উচিত মূল্যৰ অভাৱত এতিয়াও কৃষিভূমিতেই আৱদ্ধ হৈ আছে। উল্লেখযোগ্য যে, আলু খান্দিবলৈ গ’লে প্ৰতি বেগত প্ৰায় ৫০ টকাকৈ খৰচ হয়, যাৰ ফলত অধিক লোকচানৰ আশংকাত বহু খেতিয়কে আলু খান্দিবলৈ সাহস কৰা নাই। খেতিয়কসকলৰ আশংকা, এই পৰিস্থিতিৰ শীঘ্ৰে সমাধান নহ’লে চলিত বৰ্ষতে প্ৰায় ৭০ শতাংশ আলু সম্পূৰ্ণ লোকচানত পৰিব। ইয়াৰ প্ৰভাৱ পৰিব আলু খেতিৰ সৈতে জড়িত পৰিয়ালসমূহৰ ভৱিষ্যতৰ ওপৰতো। এই পৰিস্থিতিত খেতিয়কসকলে শীঘ্ৰে আলুৰ উচিত মূল্য নিৰ্ধাৰণ কৰা আৰু শদিয়াত এটি ঠাণ্ডা ঘৰ(cold storage) ৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছে । অন্যথা, আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখা এই নতুন প্ৰজন্ম পুনৰ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হ’ব বুলি ব্যক্ত কৰে।খেতিয়কসকলৰ একান্ত অনুৰোধ—“আমাক খেতিয়ক হৈ থাকিবলৈ দিয়ক, ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নকৰিব।”
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ