

গুৱাহাটী, ০৪ জানুৱাৰী (হি.স.)। ঐতিসাহিক দ্বীপৰ বিলত 'বিল মাৰা' উৎসৱ । পৰম্পৰাগত ভাবে অইন বেলিৰ দৰে এই বেলিও মাছ মৰা উৎসৱ পালন দ্বীপৰ বিলত । একেলগে বিলত মাছ ধৰিলে প্ৰায় ২ হাজাৰৰো অধিক মাছমৰীয়াই । দ্বীপৰ বিলত নামিল ৫ শতাধিক নাও । উৎসৱমূখৰ হৈ পৰিল দীপৰ বিলৰ পাৰ । সকলোৰে হাতে হাতে মাছ । উৎসৱমূখৰ পৰিৱেশ দীপৰ বিলৰ পাৰত । ঐতিসাহিক দ্বীপৰ বিলত কাহিলিপুৱাৰে পৰা উখল মাখল পৰিৱেশ । কিয়নো দ্বীপৰ বিলত আজি দেওবাৰে কাহিলিপুৱাৰে পৰা আৰম্ভ হৈছে 'বিল মাৰা' উৎসৱ । দীপৰ জলাভূমিত দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত তথা ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ । মাছ ক্ৰয় কৰিবলৈ ভিৰ বহিঃৰাজ্যৰ লোকৰো।
দ্বীপৰ বিলৰ দাতিকাষৰীয়া লোকসকলে প্ৰায় মাহযোৰা প্ৰস্তুতিৰে নাও ৰংকৰাকে ধৰি নাও মেৰামতি,বিভিন্ন প্ৰকাৰ মাছ মৰা জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাৰিলে মাছ । এইবাৰ বিলত একেলগে নামিল প্ৰায় ৫০০ খনৰো অধিক নাও আৰু প্ৰত্যক খন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া । দ্বীপৰ বিলৰ দাতীকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে । এইবাৰ দ্বীপৰ বিলত ৰৌ,ভকুৱা,চিতল,বৰালী,ব্ৰিকেত,মিৰ্কাকে ধৰি বিভিন্ন মাছৰ পোনাসমুহ মেলি দিছিল । সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে লোকসমুহে ।
পৰম্পৰাগত ভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দ্বীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰি কৰে । যাৰ বাবে বিলৰ পাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে । মাছ ল'বলৈ দ্বীপৰ বিলত পাৰত পুৱাই উপস্থিত হয় বিভিন্ন প্ৰান্তৰ লোক । কোনোবাই যদি ৭ ঘণ্টা কোনোবাই ৫ ঘণ্টা ৰৈ ক্ৰয় কৰিছে মাছ। এয়া দ্বীপৰ বিলৰ পাৰত এনেদৰে অসংখ্যা লোকে মাছ ক্ৰয় কৰিলে । সকলোৰে হাতে কেৱল মাছ আৰু মাছ । ভোগালী বিহুৰ আগত এনেদৰে মাছ ধৰা উৎসৱে সকলোৰে মাজত এক উৎসাহৰো সৃষ্টি কৰিলে । কিছু সংখ্যক গ্ৰাহকৰ মতে যদি অধিক হৈছে দাম,আন কোনোবাৰ মতে ঠিকে আছে । কিয়নো দীপৰ বিলৰ মাছৰ সোৱাদেই সুকীয়া তাতে আৰু লোকেল । যি কি নহওক দ্বীপৰ বিলৰ লোভনীয় মাছ খাবলৈ পুৱাৰে পৰা অগনন লোকৰ ভিৰ । ভোগালী বিহুৰ প্ৰাকক্ষণত এনেদৰে দ্বীপৰ পাৰত ভৰি পৰিল বহুতো লোক । নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিলে বহুতো লোকে । কোনোবাই যদি হাতত ওলোমাই আন কোনোবাই মোনাত ভৰাই নিলে মাছ ।
হিন্দুস্থান সমাচাৰ / Narayan Kar