হাজোৰ পোৱামক্কা দৰ্গাহ শ্বৰীফত কম্বল বিতৰণ আৰু সম্বৰ্ধনা সভা সম্পন্ন
কামৰূপ, ০৪ জানুৱাৰী (হি.স.)। সদৌ অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত আজি কম্বল বিতৰণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। তদুপলক্ষে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা আৰু হাজোৰ পোৱামক্কা দৰৰ্গাহ শ্বৰীফত থকা অঘৰী লোক সকলৰ মাজত
হাজোৰ পোৱামক্কা দৰ্গাহ শ্বৰীফত কম্বল বিতৰণ আৰু সম্বৰ্ধনা সভা সম্পন্ন


কামৰূপ, ০৪ জানুৱাৰী (হি.স.)। সদৌ অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত আজি কম্বল বিতৰণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। তদুপলক্ষে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা আৰু হাজোৰ পোৱামক্কা দৰৰ্গাহ শ্বৰীফত থকা অঘৰী লোক সকলৰ মাজত শীতৰ প্ৰকোপৰ পৰা সকাহ দিয়াৰ বাবে কম্বল বিতৰণ কৰা হয়।

অনুষ্ঠানত অসম চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামান,অসম চৰকাৰৰ গৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ,জিকিৰ শিল্পী মইনুল হক শইকীয়া,যুৱ নেতা বাপুকন আলীকে ধৰি কেইবা গৰাকীও বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অসম ৰাজ্যিক সংখ্যালঘূ আয়োগৰ অধ্যক্ষ তবিবৰ ৰহমান, সদৌ অসম গৰিয়া পৰিষদৰ সভাপতি খাইৰুল ইছলাম,পৰিষদৰ সম্পাদক তাৰিক আলী শইকীয়া,চামচুল জামানকে ধৰি কেইবা গৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানত শিল্পী মইনুল হক শইকীয়াই জিকিৰ পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande