বিপিএফ দলৰ কছাৰীছন প্ৰাইমাৰী সমিটিৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন
ওদালগুৰি, ০৪ জানুৱাৰী (হি.স.)। বিপিএফ দলৰ কছাৰীছন প্ৰাইমাৰী সমিটিৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন আজি চাৰি জানুৱাৰী তাৰিখে দিনযোৰা কাৰ্য্যসুচীৰে ওদালগুৰিৰ কছাৰীছন প্ৰাইমাৰী কমিটিৰ কাৰ্য্যালয় প্ৰাংগনত অনুষ্ঠিত হয় । কাৰ্য্যসুচী অনুসৰি পুৱা আঠ বজাত পতা
বিপিএফ দলৰ কছাৰীছন প্ৰাইমাৰী সমিটিৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন


ওদালগুৰি, ০৪ জানুৱাৰী (হি.স.)। বিপিএফ দলৰ কছাৰীছন প্ৰাইমাৰী সমিটিৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন আজি চাৰি জানুৱাৰী তাৰিখে দিনযোৰা কাৰ্য্যসুচীৰে ওদালগুৰিৰ কছাৰীছন প্ৰাইমাৰী কমিটিৰ কাৰ্য্যালয় প্ৰাংগনত অনুষ্ঠিত হয় । কাৰ্য্যসুচী অনুসৰি পুৱা আঠ বজাত পতাকা উত্তোলন, ন বজাত ছহিদ তৰ্পন , ১০বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । প্ৰতিনিধি সভাত আগন্তুক বৰ্ষৰ বাবে ৰবীন স্বৰ্গীয়াৰীক সভাপতি , জয়নাল আবেদিন আৰু প্ৰদীপ তালুকদাৰক উপ সভাপতি আৰু শনিৰাম বড়োক মুখ্য সম্পাদক, সুৰেন হালৈক সম্পাদক ৰূপে লৈ প্ৰাইমাৰী সমিতি খন গঠন কৰা হয় ।

আজিৰ প্ৰতিনিধি সভাতে বিপিএফ দলৰ কছাৰিচন প্ৰাইমাৰী মহিলা সমিতি আৰু বিপিএফ দলৰ যুৱ সমিতি দুখনৰো নতুন সমিতি খন গঠন কৰে । বিয়লি দুই বজাত কছাৰীচন প্ৰাইমাৰী সমিতিৰ বিদায়ী মুকলি সভাপতি ৰবিন স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনত অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চৰন বড়ো উপস্থিত থাকি ভাষন ৰাখে । বিপিএফ দলৰ ওডালগুৰি জিলা সমিতিৰ সম্পাদক ফাডাৰাম বসুমতাৰী , বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিনোদ বৈশ্য ,বিপিএফ দলৰ ৰৌতা ব্লক কমিটিৰ সভাপতি উদাং দৈমাৰী, বিপিএফ নেতা খগেন মুছাহাৰী , কছাৰীচন ভিচিডিচিৰ অধ্যক্ষ ভদ্ৰেশ্বৰ বসুমতাৰী কচাৰীচন ভিচিডিচিৰ উপাধ্যক্ষ আব্দুল মালেকে মুকলি সভাত উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande