মুখ্যমন্ত্ৰী আগমনৰ বাবে দিনে নিশাই তৎপৰ হৈ বোকাখাত সমজিলা প্ৰশাসন
গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)। অহা ৬ জানুৱাৰীত বোকাখাতলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী আগমনৰ বাবে এতিয়া দিনে নিশাই তৎপৰ হৈ পৰিছে বোকাখাত সমজিলা প্ৰশাসন আৰু কেবিনেট মন্ত্ৰী অতুল বৰা । নিশাৰ ভাগতো পৰ্যবেক্ষণ কৰিছে স্থা
মুখ্যমন্ত্ৰী আগমনৰ বাবে দিনে নিশাই তৎপৰ হৈ বোকাখাত সমজিলা প্ৰশাসন


গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)। অহা ৬ জানুৱাৰীত বোকাখাতলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী আগমনৰ বাবে এতিয়া দিনে নিশাই তৎপৰ হৈ পৰিছে বোকাখাত সমজিলা প্ৰশাসন আৰু কেবিনেট মন্ত্ৰী অতুল বৰা । নিশাৰ ভাগতো পৰ্যবেক্ষণ কৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে প্ৰস্তুতিৰ সকলো দিশ ৷

উল্লেখ্য় যে চলিত নৱবৰ্ষৰ ৬ জানুৱাৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বাবে বোকাখাত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা । বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজন কৰা বিশাল জনসভাৰ বাবে প্রশাসনৰ তৰফৰ পৰা প্ৰস্তুতি চলাইছে বিশাল মণ্ডপ নিৰ্মাণ কাৰ্য । উক্ত কাৰ্য্যসূচী সফল ৰূপায়নৰ বাবে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰশাসনৰ লগতে মিত্ৰ দলৰ কৰ্মকৰ্তা সকলৰ লগত দিনে নিশাই তদাৰক কৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাত ৰাজহুৱা খেলপথাৰৰ পৰাই ভাৰ্চুৱেলি অহা ৬ জানুৱাৰী তাৰিখে বোকাখাত সমষ্টিৰ লোকনিৰ্মাণ বিভাগৰ নৱ নিৰ্মিত আৱৰ্ত্ত ভৱনৰ লগতে বহুকেইটা নতুন প্ৰকল্প আৰু নিৰ্ময়মান গৃহৰ শুভ উন্মোচন কৰিব । একেদৰে বোকাখাত সমষ্টিৰ বহু কেইটা অভিলাসী আঁচনিৰ ভাৰ্চুৱেলী শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নিৰ্বাচন পূৰ্বে এনেদৰে নিশাৰ ভাগতো সমষ্টিত তৎপৰ হোৱাৰ পৰিলক্ষিত হৈছে মন্ত্ৰী অতুল বৰা ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande