
হোজাই, ০৪ জানুৱাৰী (হি.স.): দৰিদ্ৰৰ প্ৰতি মহানুভতা আৰু মানৱ দৰদী হোজাইৰ জ্যেষ্ঠ অধিবক্তা তথা সমাজকৰ্মী ৰিপন দাসে দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কৰে । লংকাৰ ৰেলৱে ষ্টেচনৰ সমীপত থকা দুখীয়া দৰিদ্ৰ সকলৰ মাজত যোৱা কালি শনিবাৰে সন্ধিয়া উপস্থিত হৈ অধিবক্তাগৰাকীয়ে ঠাণ্ডা নিবাৰণৰ কাৰণে বহু কেইখন কম্বল প্ৰদান কৰি নিজৰ মহানুভতা ৰাইজৰ মাজত দাঙি ধৰে ।
অধিৱক্তা ৰিপন দাসে এনে দৰে সমাজৰ বিভিন্ন কাম কাম কাজত নিজকে জড়িত কৰি আহিছে । উল্লেখ্য যে, অধিবক্তা তথা সমাজসেৱী ৰিপন দাসে ইয়াৰ পূৰ্বেও নিজৰ ধনেৰে দুখীয়া দৰিদ্ৰজনক অন্ন-বস্ত্ৰৰে আৰু সমাজৰ বিভিন্ন কাম কাজত সহায়ৰ হাত আগবঢ়াই আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ