আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কুচকাৱাজ
আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কুচকাৱাজ।
আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কুচকাৱাজ


শিৱসাগৰ, ০৪ জানুৱাৰী (হি.স.): আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তৎপৰতা আৰম্ভ কৰিছে। বিৰোধী ঐক্য মঞ্চৰ অংশিদাৰ ৰাইজৰ দলে কেইখন আসন বিচাৰিছে তাৰ তালিকা ৰাইজৰ দলে প্ৰদান কৰিছে। আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

দলটোৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ মাঘবিহুৰ আগে সমাপ্ত কৰিব। শিৱসাগৰ, গৌৰীসাগৰৰ লগতে ২৭ টা পঞ্চায়তত নিৰ্বাচনী কাৰ্যালয় খোলা হ’ব।যোৱা কালি শনিবাৰে নিশা দলীয় কৰ্মীৰ সভাৰ অন্তত এই কথা ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে। যদি আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰত্যাহ্বান নাই তেনেহলে চৰকাৰে বিহাৰৰ মডেল কিয় লৈছে বুলি প্ৰশ্ন কৰি এইবাৰ নিৰ্বাচনত বিজেপিৰ দুৰ্নীতিৰ দস্তাবেজলৈ ৰাইজৰ ওচৰত যাব বুলি ব্য়ক্ত কৰে অখিল গগৈয়ে। আনহাতে বিজেপি ,অগপৰ বৰ্তমানৰ বিধায়ক অৰ্থাৎ চিটিং এমেলে জনে যদি টিকট নেপাই তেন্তে অগপ আতঁৰি অহা ভাল বুলি পৰামৰ্শ দিয়ে অখিল গগৈয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande