কংগ্ৰেছক সন্তুষ্ট কৰিবলৈ অখিল গগৈয়ে গৌৰৱ গগৈৰ ভৃত্য হিচাপে কাম কৰিছে ঃ ড॰ দেৱজিৎ মহন্ত
অখিল গগৈৰ ৫ বছৰীয়া কাৰ্যকালত শিৱসাগৰৰ উন্নয়নৰ সলনি আন্দোলনৰ অভিকেন্দ্ৰ হিচাপেহে প্ৰতিষ্ঠা হৈছে ঃ কল্যাণ গগৈ গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। অখিল গগৈৰ মিথ্যাচাৰ উদঙাই সংবাদমেল অনুষ্ঠিত কৰে ৰাজ্যিক বিজেপিয়ে৷ যোৱা ২ জানুৱাৰী তাৰিখে অসমৰ অৰ্থনৈতিক ছবি
বিজেপিৰ সংবাদমেল


অখিল গগৈৰ ৫ বছৰীয়া কাৰ্যকালত শিৱসাগৰৰ উন্নয়নৰ সলনি আন্দোলনৰ অভিকেন্দ্ৰ হিচাপেহে প্ৰতিষ্ঠা হৈছে ঃ কল্যাণ গগৈ

গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। অখিল গগৈৰ মিথ্যাচাৰ উদঙাই সংবাদমেল অনুষ্ঠিত কৰে ৰাজ্যিক বিজেপিয়ে৷ যোৱা ২ জানুৱাৰী তাৰিখে অসমৰ অৰ্থনৈতিক ছবিৰ বিকৃত তথ্যৰে অসমবাসীক আভুৱা ভৰাৰ চেষ্টা কৰা অখিল গগৈৰ বিৰুদ্ধে আজি শনিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰা হয়৷ সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ক্ৰমে ড॰ দেৱজিৎ মহন্ত, কল্যাণ গগৈ, মানস শৰণীয়া আৰু প্ৰাঞ্জল কলিতা৷

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ড॰ দেৱজিৎ মহন্তই সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ ক্ষীপ্ৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মিথ্যাচাৰ উন্মোচন কৰি কয় যে, যোৱা ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত ৬ জনীয়া সদস্যৰে গঠিত ‘আৰ বি আই মনিটেৰী পলিচি’ৰ প্ৰতিবেদনত অসমে ২০২০ চনৰ পৰা ২০২৫ চনলৈ ৪৫ শতাংশ বৃদ্ধিৰে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ অখিল গগৈয়ে নীতি আয়োগৰ অশুদ্ধ তথ্যৰে অসম দেশৰ ভিতৰত ২৯ নম্বৰ স্থানত থকা বুলি কোৱাৰ বিপৰীতে ড॰ মহন্তই ৰাজ্যবাসীৰ সন্মুখত প্ৰকৃত তথ্য ডাঙি ধৰে৷ মুখপাত্ৰ গৰাকীয়ে কয় যে, নীতি আয়োগে ৰাজ্যসমূহক নম্বৰৰ ভিত্তিত ১০০ নম্বৰ পোৱা ৰাজ্যক পূৰ্ণ সফলতা ৬৫-৯৯ স্থানপ্ৰাপক, ৫০-৬৪ কৰ্মপ্ৰসূ, ০-৪৯ প্ৰত্যাশী এই চাৰিটা ভাগত ভাগ কৰা হয়৷ অসমত বিজেপি চৰকাৰ হোৱাৰে পিছত ৰাজ্যখনে ২০১৯-২০ ত প্ৰত্যাশী, ২০২০-২১ ত কৰ্মপ্ৰসূ, ২০২৩-২৪ ত স্থানপ্ৰাপকলৈ উন্নত হ’বলৈ সক্ষম হৈছে৷ অখিল গগৈয়ে সংবাদমেলত ২৯ তম কোৱাৰ বিপৰীতে বৰ্তমান দেশৰ ভিতৰত নীতি আয়োগৰ তথ্য অনুসৰি অসমৰ স্থান ১৩ তম৷ তদুপৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৫ চনৰ নিয়ম অনুসৰি এখন ৰাজ্যই মুঠ ঘৰুৱা উৎপানৰ ৩২ শতাংশতকৈ অধিক ঋণ ল’ব নোৱাৰে৷ এই ক্ষেত্ৰতো অসমে ২৪.৩ শতাংশ ঋণ লৈ কমকে ঋণ লোৱা দেশৰ ভিতৰত অসম ১৯ নম্বৰ স্থানত আছে৷

২০১৫-১৬ বৰ্ষত অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ দৈনিক উপাৰ্জন ১৬৯ টকাৰ বিপৰীতে বৰ্তমান ২০২৪-২৫ বৰ্ষত বিজেপি চৰকাৰৰ আমোলত ৬০ শতাংশ বৃদ্ধিৰে ৪২৮ টকা লৈ বৃদ্ধি হৈছে৷ অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ ৰাজ্য এখনৰ পৰা অসমক তুলি আনি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ শাৰীত অধিস্থিত কৰাৰ বাবে অখিল গগৈৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহ নানান বিকৃত তথ্যৰে অসমবাসী ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

স্বাধীনতাৰ সময়ত দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ শাৰীত থকা অসম বিগত ৭০ বছৰীয়া কাৰ্যকালত দিনক দিনে দেশৰ অন্তিমখন অনুন্নত ৰাজ্যলৈ গতি কৰিছিল৷ কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বত অসমে দেশৰ অগ্ৰণী ৰাজ্যৰ শাৰীত ঠিয় হ’বলৈ সক্ষম হৈছে৷ কংগ্ৰেছক সন্তুষ্ট কৰিবলৈ অখিল গগৈয়ে গৌৰৱ গগৈৰ ভৃত্য হিচাপে কাম কৰিবলৈ লোৱা বুলি মুখপাত্ৰ গৰাকীয়ে শিৱসাগৰৰ বিধায়ক গৰাকীক তীব্ৰ সমালোচনা কৰে৷

দলৰ আন এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ কল্যাণ গগৈয়ে কয় যে, অখিল গগৈ শিৱসাগৰৰ এজন অন্যতম ব্যৰ্থ বিধায়ক৷ অখিল গগৈৰ নেতৃত্বত যোৱা ৫ বছৰত শিৱসাগৰ সমষ্টি নিকটৱৰ্তী সমষ্টিসমূহতকৈ যথেষ্ট পিছ পৰি যোৱাৰ বিপৰীতে শিৱসাগৰক উন্নয়নৰ সলনি আন্দোলনৰ অভিকেন্দ্ৰ হিচাপেহে প্ৰতিষ্ঠা হৈছে বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে৷ অখিল গগৈ বিধায়ক হোৱাৰ পূৰ্বতে বিজেপি চৰকাৰে হাতত লোৱা ৰংঘৰৰ সৌন্দৰ্যবন্ধৰ্ন, শিৱসাগৰ আৱৰ্ত ভৱন নিৰ্মাণ এই প্ৰকল্পৰ বাদে নিজাববীয়াকৈ এটাও প্ৰকল্প হাতত লোৱা নাই বুলি শ্ৰীগগৈয়ে শিৱসাগৰৰ বিধায়ক গৰাকীক প্ৰত্যাহ্বান জনায়৷ দাৱনীয়ে খেতি পথাৰত স্কুটি লৈ যোৱা আৰু বছৰত ৩ বাৰকৈ খেতি কৰাৰ কথা কোৱা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত কিয় আজি পৰ্যন্ত তেনে কোনো ব্যৱস্থা নললে তাৰ বাবে মুখপাত্ৰ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে৷ কেৱল কথাৰ ভেল্কীবাজী কৰিৰাইজক বিভ্ৰান্ত কৰিবলৈহে অখিল গগৈ সমবায় ভিত্তিত অৰ্থনৈতিক স্বাৱলম্বীতাৰ কথা কয় কিন্তু শিৱসাগৰ সমষ্টিত এখনো সমবায় প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক কাম কাজ কৰাৰ নজিৰ স্থাপন কৰিব নোৱাৰিলে৷ তাৰ বিপৰীতে বিজেপি বিধায়ক সকলে প্ৰতিটো সমষ্টিতে সমবায়ৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰৰ গৰুখুটি প্ৰকল্প, পদ্ম হাজৰিকাৰ কন্যকা, সুশান্ত বৰগোহাঁইৰ মোমাই তামূলী বৰবৰুৱা, ভূৱন পেগু, মানৱ ডেকা, বিশ্বজিৎ ফুকন পৰা আৰম্ভ কৰি প্ৰায় সকলো বিজেপি বিধায়কে মডেল সমবায় গঢ়িছে৷

মুখপাত্ৰ গৰাকীয়ে আন এক অভিযোগ তুলি কয় যে, কাজিৰঙা জাতীয় অৰ্কিড উদ্যান নামতহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্তৰ্গত সমবায় উদ্যান৷ কাজিৰঙা অৰ্কিড পাৰ্কৰ বোৰ্ড মেম্বাৰসমূহলৈ লক্ষ্য কৰিলে কৃষক মুক্তিৰ সদস্যৰ সলনি অখিল গগৈৰ ঘৰৰ অঙহি বঙহিয়ে সমিতিখনত দেখা যায়৷ তদুপৰি জেলত থকাৰ বাবে ২০২১ ৰ নিৰ্বাচন জয়ী হোৱাৰ পিছত পৌৰ সভা আৰু পঞ্চায়ত নিৰ্বাচনত অখিল গগৈয়ে শিৱসাগৰত মুখ ঠেকেচা খাইছে৷

শিৱসাগৰ ৰাইজে ইতিমধ্যে অখিল গগৈক প্ৰত্যাখ্যান কৰিছে৷ অৱশ্যে অচিনাকি মানুহৰ সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে নিৰ্বাচনত জয়ী হ’ব পাৰে বুলি গগৈয়ে উল্লেখ কৰে৷ উল্লেখযোগ্য যে, মুখপাত্ৰগৰাকীয়ে শিৱসাগৰৰ শান্তি-শৃংখলা অটুট ৰাখি সমষ্টিটোক আন্দোলনৰ অভিকেন্দ্ৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande