আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি তামুলপুৰত বিশেষ সজাগতামূলক গাঁওসভা অনুষ্ঠিত কৰা হয়
তামুলপুৰ, ০৩জানুৱাৰী (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ সজাগতামূলক গাঁওসভা অনুষ্ঠিত কৰা হয়। তামুলপুৰ জিলাৰ ডোঙপাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত হয় এই বিশেষ সজাগতা মূলক গাঁওসভা খন। ২০২৬ -ৰ বিধা
আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি তামুলপুৰত বিশেষ সজাগতামূলক গাঁওসভা অনুষ্ঠিত কৰা হয়


তামুলপুৰ, ০৩জানুৱাৰী (হি.স.)। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ সজাগতামূলক গাঁওসভা অনুষ্ঠিত কৰা হয়। তামুলপুৰ জিলাৰ ডোঙপাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত হয় এই বিশেষ সজাগতা মূলক গাঁওসভা খন।

২০২৬ -ৰ বিধানসভা নিৰ্বাচনত জিলাখনৰ শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ উদ্দেশ্যে তামুলপুৰৰ ১নং ভিচিডিচিত অনুষ্ঠিত কৰা বিশেষ সজাগতামূলক গাওঁ সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ, অতিৰিক্ত আয়ুক্ত জোনটি ডেকাকে ধৰি জিলা প্ৰশাসনৰ কেইবা গৰাকীও বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত তথা অঞ্চলটোৰ বি.এল.অ' আৰু বি.এল.এ সকলৰ সহযোগত ভোটাৰ সকলৰ স্থানান্তকৰণ, মৃত ব্যক্তিৰ নাম কৰ্তন আদি দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখ্য যে সমগ্ৰ জিলাখনৰ ভিচিডিচি সমূহত আজি আৰু কাইলৈ এই বিশেষ সজাগতামূলক গাঁওসভাসমূহ অনুষ্ঠিত কৰা হ'ব বুলি তামুলপুৰ জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande