তেজপুৰত নিৰুদ্দেশ এজন বয়োজ্যেষ্ঠ লোক
শোণিতপুৰ, ০৩ জানুৱাৰী (হি.স.)। তেজপুৰৰ নতুন কলিবাৰীৰ এজন লোক দুই জানুৱাৰীৰ নিশাৰ পৰাই সন্ধানহীন হৈ থকাত নিৰুদ্দিষ্ট লোকজনৰ পৰিয়ালটোত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, পূৰ্বে তেজপুৰ আদালতত মহৰী হিচাপে কাম কৰা নতুন কলিবাৰীৰ কবিৰাম ৰাভা
তেজপুৰত নিৰুদ্দেশ এজন বয়োজ্যেষ্ঠ লোক


শোণিতপুৰ, ০৩ জানুৱাৰী (হি.স.)। তেজপুৰৰ নতুন কলিবাৰীৰ এজন লোক দুই জানুৱাৰীৰ নিশাৰ পৰাই সন্ধানহীন হৈ থকাত নিৰুদ্দিষ্ট লোকজনৰ পৰিয়ালটোত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে, পূৰ্বে তেজপুৰ আদালতত মহৰী হিচাপে কাম কৰা নতুন কলিবাৰীৰ কবিৰাম ৰাভা নামৰ ৭০ বছৰীয়া লোকজন যোৱা দুই জানুৱাৰীৰ নিশা আন দিনাৰ দৰেই শুবলৈ গৈছিল৷ কিন্তু পৰিয়ালৰ লোকৰ অজ্ঞাতেই তেওঁ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত তেওঁৰ কোনো সন্ধান ওলোৱা নাই৷

ইতিমধ্যে তেওঁক পৰিয়ালৰ লোকে বিভিন্ন স্হানত সন্ধান কৰে যদিও তেওঁৰ সন্ধান নোলোৱাত ইতিমধ্যে এই সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

উল্লেখযোগ্য যে, লোকজন কিছুদিনৰ পৰা মানসিক ভাবে কিছু অসুস্থতাতো ভূগী আছিল৷ লোকজনৰ সন্ধান পালে ৮৯৮৬৫ ৯৫৬৯০ নম্বৰত যোগাযোগ কৰিবৰ বাবেও পৰিয়ালটোৱে আহ্বান জনাইছে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande