
শোণিতপুৰ, ০৩ জানুৱাৰী (হি.স.)। আগন্তুক গণৰাজ্য দিৱস, ২০২৬ উদযাপনৰ সৈতে সম্পৰ্কিত ব্যৱস্থাসমূহৰ ওপৰত আলোচনা কৰিবলৈ আজি শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়।
সভাত জিলা আয়ুক্ত গৰাকীয়ে উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে জাতীয় দিৱসসমূহ মৰ্যাদাপূৰ্ণ আৰু উপযুক্তভাৱে উদযাপন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অহা ২৬ জানুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সন্দৰ্ভত প্ৰয়োজনীয় পৰিকল্পনা আৰু প্ৰস্তুতিৰ বিষয়ে বিশদ আলোচনা কৰা হয়। এই সন্দৰ্ভত নিৰাপত্তা ব্যৱস্থা, ৰাষ্ট্ৰীয় পতাকা উত্তোলন, খেলপথাৰ প্ৰস্তুতি, পোহৰ আৰু বিদ্যুৎ ব্যৱস্থা, বিভিন্ন দলৰ পেৰেড, খোৱাপানী যোগান, পুৰস্কাৰ বিতৰণ, সাংস্কৃতিক অনুষ্ঠান, প্ৰতীকপট প্ৰস্তুতি আদি বিষয়ত সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহৰ ভূমিকা আৰু দায়িত্ব নিৰ্ধাৰণ কৰা হয়।
জিলা আয়ুক্ত গৰাকীয়ে বিশেষভাৱে জিলাখনৰ সকলো বিভাগৰ মুৰব্বীক নিৰ্দেশ দিয়ে যে তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ত নিৰ্ধাৰিত প্ৰট’কল আৰু মৰ্যাদা অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন নিশ্চিত কৰিব লাগে। বিভাগসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ আশা প্ৰকাশ কৰে যে সকলো সংশ্লিষ্ট পক্ষৰ সহযোগিতাৰে গণৰাজ্য দিৱসৰ অনুষ্ঠানটি সুশৃঙ্খল আৰু সফলভাৱে অনুষ্ঠিত কৰা হ’ব। লগতে, সভাত উপস্থিত সম-জিলা আয়ুক্তসকলকো সম-জিলা পৰ্যায়ত অনুৰূপ প্ৰস্তুতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
সভাত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকল, জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল সহ অন্যান্য সংশ্লিষ্ট বিষয়া আৰু আমন্ত্ৰিত ব্যক্তিসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ