ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ভিন্নৰূপী ভেলাঘৰ নিৰ্মাণ
নগাও, ০৩ জানুৱাৰী (হি.স.)। ৰহাত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, জুবিন গাৰ্গৰ বগলী উদাসীন গাৰ্গ, কাউৰী কাকু গাৰ্গ। ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে প্ৰাণৰ শিল্পী জুবিন
ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ভিন্নৰূপী ভেলাঘৰ নিৰ্মাণ


নগাও, ০৩ জানুৱাৰী (হি.স.)। ৰহাত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, জুবিন গাৰ্গৰ বগলী উদাসীন গাৰ্গ, কাউৰী কাকু গাৰ্গ। ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্য নিৰ্মাণ কৰি আহিছে ভিন্নৰূপী ভেলাঘৰ।

উল্লেখ্য যে, বিগত ২০১১ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি আহিছে ভেলাঘৰ। এই বৰ্ষটো শিল্পী গৰাকীয়ে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে ব্যতিক্ৰমধৰ্মী ভেলাঘৰ। শিল্পী ভগৱান সেনাপতিয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে প্ৰায় ১০০ ফুট দৈৰ্ঘৰ আৰু ৪০ ফুট উচ্চতাৰে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে এখন য়ট((পানী জাহাজ)।ছিংগাপুৰত যিখন য়টত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সাগৰলৈ নিছিল । শিল্পী গৰাকীৰ ভাষ্য অনুসৰি এই অভিশপ্ত য়ট খনক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি য়টখনৰ ওপৰত শোকস্তব্ধ হৈ বহি আছে জুবিন গাৰ্গৰ প্ৰিয় চৰাই উদাসীন গাৰ্গ(বগলী), কাকু গাৰ্গ(কাউৰী)। লগতে নিৰ্মাণ কৰিছে এখন গীতাৰ। য'ত চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অমিয়া ঝংকাৰ। এই নৰাৰে নিৰ্মাণ কৰা য়টখনৰ ভিতৰতে ভোগালীৰ নিশা উৰুকা পালন কৰিব গাঁওবাসীয়ে।

কিন্তু পুৱাতে অগ্নিদেৱতাক পূজা কৰি প্ৰতীকীভাৱে জ্বলাই দিয়া হ'ব ভেলাঘৰ। এফালেদি পৰম্পৰা আৰু এফালেদি প্ৰতীকী প্ৰতিবাদ প্ৰকাশ কৰিছে শিল্পী গৰাকীয়ে। শিল্পী ভগৱান সেনাপতিয়ে নৰা, খেৰ,বাঁহ আৰু গাঁঠিৰ ধন ভাঙি এনেদৰে সমাজক দি আহিছে নতুন নতুন চিন্তাৰ খোৰাক আৰু বাৰ্তা। উল্লেখ্য যে, শিল্পী গৰাকীয়ে ২০১১ চনত প্ৰথমবাৰৰ বাবে নৰা-খেৰ-বাঁহেৰে নিৰ্মাণ কৰিছিল এটা বৃহৎ আকাৰৰ ৰংঘৰ আকৃতিৰ ভেলাঘৰ। ২০১২ চনত টাইটানিক আকৃতিৰে নিৰ্মাণ কৰে ভেলাঘৰ। তাৰ পাছত ধাৰাবাহিক ভাৱে ২০১৩ চনত বীণা সদৃশ ভেলাঘৰ, ২০১৪ ঈগল পৃথিৱী' ,২০১৫ বৰ্ষত শান্তিৰ কপৌ , ২০১৬ বৰ্ষত ' গঁড় বচাওক , অসমৰ মান ৰাখক ',২০১৭চনত গঁড আৰু প্ৰকৃতি, ২০১৮ গঁড়,গছ আৰু নাও, ২০১৯ চনত বৃহত আকাৰৰ গছ(গছ ৰোৱক প্ৰকৃতি বচাওক), ২০২০ ক'ৰণা ভাইৰাছৰ পৰা পৃথিৱীক বচীওক,২০২১ চনত ভেকচিন লওক ধৰাক মুক্ত কৰক ২০২২চনত হাতী মানুহৰ সংঘাত আৰু ২০২৩ চনত পৃথিৱীক প্ৰদুষণৰ পৰা মুক্ত কৰক আৰু হাতীৰ বাবে কলগছ ৰোৱক আৰু হাতী-মানুহৰ সংঘাট ৰোধ কৰক আদি বাৰ্তাৰে প্ৰতীকী ৰূপত ভেলাঘৰ সাজি উলিয়াইছে।

সেনাপতিৰ এনে কৰ্ম বহুজনৰ হৃদয় জয় কৰিছে। এইবছৰৰ কাম ইতিমধ্যে প্ৰায় ৬০ শতাংশ নিৰ্মাণ কাৰ্য। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্থানীয় যুৱক সকলৰ সহায়ত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আৰ্কষণৰ কেন্দ্ৰ । কেৱল খেৰ, বাঁহেৰে নিৰ্মাণ কৰা ভেলাৰ ঘৰটো নিৰ্মাণত চলিত বৰ্ষত খৰছ হৈছে প্ৰায় ৮০ হাজাৰ টকা। কেতিয়াবা যদি পুখুৰীৰ মাছ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ ফাৰ্মৰ হাঁহ বিক্ৰি কৰিছে। মুঠতে ৰাইজক সজাগতাৰ বাবে প্ৰতি বছৰে নিৰ্মাণ কৰি আহিছে আকৰ্ষণীয় ভেলাঘৰ য'ত আছে সমাজ নিৰ্মাণৰ একো একোটা বাৰ্তা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande