হোজাইত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন দুধৰ্ষ চোৰ
হোজাই, ০৩ জানুৱাৰী (হি.স.)। হোজাই জিলাৰ শংকৰদেৱ পহৰা চকীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন দুধৰ্ষ চোৰ । উদ্ধাৰ হৈছে চুৰি লেপটপৰ লগতে গেছ চিলিণ্ডাৰ সহ আন কেইবাটাও চুৰি সামগ্ৰী । গ্ৰেপ্তাৰ হোৱা চোৰ জনৰ নাম হৈছে শংকৰদেৱ নগৰৰ নতুন বস্তিৰ ধীৰাজ ৰায় । গ
হোজাইত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন দুধৰ্ষ চোৰ


হোজাই, ০৩ জানুৱাৰী (হি.স.)। হোজাই জিলাৰ শংকৰদেৱ পহৰা চকীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন দুধৰ্ষ চোৰ । উদ্ধাৰ হৈছে চুৰি লেপটপৰ লগতে গেছ চিলিণ্ডাৰ সহ আন কেইবাটাও চুৰি সামগ্ৰী । গ্ৰেপ্তাৰ হোৱা চোৰ জনৰ নাম হৈছে শংকৰদেৱ নগৰৰ নতুন বস্তিৰ ধীৰাজ ৰায় । গ্ৰেপ্তাৰ হোৱা আনজন ভালুকমাৰীৰ সঞ্জয় দাসে চুৰি সামগ্ৰী ক্ৰয় কৰিছিল ।

শংকৰদেৱ নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাৰ্য সংঘটিত কৰিছিল ,পূৰ্বেও চুৰিৰ ঘটনা সংঘটিত কৰি জেল যোৱা, ধৃত ধীৰাজ ৰায়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande