নগালেণ্ডত এনএছচিএন কেডাৰৰ গুলীত আহত আছাম ৰাইফলৰ জোৱান প্ৰবীণ চন্দ্ৰ বৰ্মনৰ কোকৰাঝাৰত মৃত্যু
কোকৰাঝাৰ, ০৩ জানুৱাৰী (হি.স.)। কোকৰাঝাৰৰ পদ্মবিল গাঁৱত শোকাকুল পৰিৱেশ। ২০১৭ চনৰ ১১ ছেপ্তেম্বৰত নগালেণ্ডত এনএছচিএনে সেনাৰ শিৱিৰত সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত দুটাকৈ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত কোকৰাঝাৰ জিলাৰ পদ্মবিল গাঁৱৰ আছাম ৰাইফলৰ জোৱান প্ৰবীণ চন্দ্ৰ
নগালেণ্ডত এনএছচিএন কেডাৰৰ গুলীত আহত আছাম ৰাইফলৰ জোৱান প্ৰবীণ চন্দ্ৰ বৰ্মনৰ কোকৰাঝাৰত মৃত্যু


কোকৰাঝাৰ, ০৩ জানুৱাৰী (হি.স.)। কোকৰাঝাৰৰ পদ্মবিল গাঁৱত শোকাকুল পৰিৱেশ। ২০১৭ চনৰ ১১ ছেপ্তেম্বৰত নগালেণ্ডত এনএছচিএনে সেনাৰ শিৱিৰত সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত দুটাকৈ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত কোকৰাঝাৰ জিলাৰ পদ্মবিল গাঁৱৰ আছাম ৰাইফলৰ জোৱান প্ৰবীণ চন্দ্ৰ বৰ্মন(৫০)ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু৷

বঙাইগাঁৱৰ লৱাৰ আছাম হস্পিতালত শুকুৰবাৰে পুৱতি নিশা এক বাজি বিশ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে আছাম ৰাইফলৰ জোৱান প্ৰবীণ চন্দ্ৰ বৰ্মনে৷ ২০২৫ চনৰ ১ ফেব্ৰুবাৰীত অৱসৰ গ্ৰহণ কৰিছিল আছাম ৰাইফলৰ জোৱান গৰাকীয়ে৷ উল্লেখ্য যে মৃত্যুৰ সময়ত আছাম ৰাইফলচৰ জোৱান প্ৰবীণ চন্দ্ৰ বৰ্মনে সহধৰ্মীনি অনিমা বৰ্মন সহ দুই জীয়ৰী ক্ৰমে ৰুণুমণি বৰ্মন(২৩),কৃষ্ণামনি বৰ্মন(১৯) আৰু কমলেশ্বৰ বৰ্মন(১৩) ষষ্ঠ শ্ৰেণীৰ ব্ৰহ্ম বাবা টেকন’ বিদ্যালয়ত অধ্যয়নৰত পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়৷

শ্বহীদ জোৱান প্ৰবিন চন্দ্ৰ বৰ্মনৰ বাহগৃহত পৰিয়ালবৰ্গ,গুণমুগ্ধ সহ আৰক্ষী বিষয়া সকলে অন্তিম শ্ৰদ্ধা জনায়‌ । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ পত্নী অনিমা বৰ্মনৰ, জীয়ৰীক চৰকাৰী চাকৰিত যোগদান কৰিবলৈ। গাঁৱৰ ৰীতি নীতিৰে শেষকৃত সম্পন্ন কৰা হয় শ্বহীদ প্ৰবিন চন্দ্ৰ বৰ্মনক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande