
মৰিগাঁও, ০৩ জানুৱাৰী (হি.স.)। অসম খো-খো সন্থাৰ তত্বাৱধনত আৰু জাগীৰোড সমজিলা খো-খো সংস্থাৰ উদ্যোগত জাগীৰোডত আয়োজন কৰা হৈছে ১৯ তম্ চিনিয়ৰ আন্তঃজিলা মহিলা খো-খো প্ৰতিযোগিতা ৷
৩ আৰু ৪ ডিচেম্বৰ দুদিনীয়াকৈ জাগীৰোড মহাবিদ্যালয় (স্বতন্ত্ৰ) খেলপথাৰত আয়োজন কৰা উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ ১৪ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ অসম খো-খো সন্থা আৰু জাগীৰোড সমজিলা খো-খো সংস্থাৰ পতাকা উত্তোলনৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰা হয় ৷ ইয়াৰ পিছতে খো-খো খেল প্ৰতিযোগিতা উদ্বোধন কৰে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে ৷ উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত বিজয়ী দলে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিব ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা