ওদালগুৰি জিলাৰ মাজবাটত আৰম্ভ গ্রীণ বাছ সেৱা
ওদালগুৰি, ০৩জানুৱাৰী (হি.স.)। পৰিবহণ ক্ষেত্রত উত্তৰণ ঘটাই আজিৰে পৰা ওদালগুৰি জিলাৰ মাজবাটত আৰম্ভ হল গ্রীণ বাছ সেৱা | পৰিবহণ ক্ষেত্রত উত্তৰণ ঘটাই আজিৰে পৰা ওদালগুৰি জিলাৰ মাজবাটত আৰম্ভ হল গ্রীণ বাছ সেৱা | স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন মন্ত্
ওদালগুৰি জিলাৰ মাজবাটত আৰম্ভ গ্রীণ বাছ সেৱা


ওদালগুৰি, ০৩জানুৱাৰী (হি.স.)। পৰিবহণ ক্ষেত্রত উত্তৰণ ঘটাই আজিৰে পৰা ওদালগুৰি জিলাৰ মাজবাটত আৰম্ভ হল গ্রীণ বাছ সেৱা | পৰিবহণ ক্ষেত্রত উত্তৰণ ঘটাই আজিৰে পৰা ওদালগুৰি জিলাৰ মাজবাটত আৰম্ভ হল গ্রীণ বাছ সেৱা | স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন মন্ত্রী চৰণ বড়োই মুকলি কৰে গ্ৰীণ বাছ সেৱা | প্রতিদিনে মাজবাটৰ পৰা তেজপুৰলৈ চলিব গ্রীণ বাছখন |

গ্ৰীণ বাছ সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে বিটিচি ৰ চীফ হাগ্রামা মহিলাৰী, ডেপুটি চীফ ৰিহণ দৈমাৰী, অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, স্থানীয় পাৰিষদ শ্যাম চুণ্ডীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি | পৰিবহন মন্ত্রী চৰণ বড়োৱে কয় যে, এখন গ্ৰীণ বাছে এবাৰ চাৰ্জ কৰিলে ১২০ কি. মি যাব পাৰে | সেইবাবে ইতিমধ্যে কেৱল তেজপুৰৰ পৰা মাজবাটলৈ এই সেৱা মুকলি কৰা হৈছে | যিহেতুকে তেজপুৰত গ্ৰীণ বাছ চাৰ্জিং ষ্টেচন আছে তাৰবাৰে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে | লগতে, পৰৱৰ্তী সময়ত ওদালগুৰিতো এটা চাৰ্জিং ষ্টেচন নির্মাণ কৰাৰ কথা দোহাৰে পৰিবহন মন্ত্রী চৰণ বড়োৱে |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande