
শোণিতপুৰ , ০৩ জানুৱাৰী (হি.স.)। তেজপুৰৰ সন্তান ডা০ আংগিৰস ভট্টাচাৰ্য্যই শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধিনস্হ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নিউৰো চাৰ্জাৰী বিভাগত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী এম চি এইচ পৰীক্ষাত অৱতীৰ্ণ হৈ স্বৰ্ণপদক সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এক সংবাদে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে ।
উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ অতি জটিল তথা কঠিন এই পাঠ্যক্ৰমত অতি মেধাৱী ছাত্ৰ -ছাত্ৰী সকলেহে অধ্যয়ন কৰি অশেষ কষ্টেৰে এই পাঠ্যক্ৰম আয়ত্ব কৰিব লাগে । শিক্ষা জীৱনত প্ৰতিটো স্তৰতে মেধাৰ পৰিচয় দিয়া ডা০ আংগিৰস ভট্টাচাৰ্য্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ আৰু এম এছ ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰাই এম চি এইচ (নিউৰো চাৰ্জাৰী )ডিগ্ৰী স্বৰ্ণপদকসহ লাভ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে ডা০ আংগিৰস ভট্টাচাৰ্য্য তেজপুৰ তথা শোণিতপুৰ জিলাৰ পৰাই প্ৰথমগৰাকী নিউৰো চাৰ্জন হিচাপে পৰিগণিত হোৱাত স্বাভাৱিকতে তেজপুৰবাসীৰ বাবে এক আনন্দৰ বতৰা হিচাপে পৰিগণিত হৈছে । ডা০ আংগিৰস ভট্টাচাৰ্য্য তেজপুৰ কলিবাৰী নিবাসী এ ই জি চি এলৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা মৃদুল ভট্টাচাৰ্য্য আৰু এ পি ডি চি এলৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰঞ্জনা শৰ্মাৰ পুত্ৰ । ইংৰাজী নৱবৰ্ষত ডা০ আংগিৰস ভট্টাচাৰ্য্যই লাভ কৰা এই উজ্জ্বল ফলাফলে ছাত্ৰ ছাত্ৰী সকলক নিশ্চয় উদ্বুদ্ধ কৰি তুলিব ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ