কামৰূপ (ম) জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ আনুষ্ঠানিক বিদায়
গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। কামৰূপ মহানগৰৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । উল্লখযোগ্য যে ২০১৫ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে ২০২৩ বৰ্ষৰ ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপ
কামৰূপ (ম)  জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ আনুষ্ঠানিক বিদায়


গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। কামৰূপ মহানগৰৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । উল্লখযোগ্য যে ২০১৫ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে ২০২৩ বৰ্ষৰ ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে যোগদান কৰিছিল ।

তেওঁৰ কৰ্মদক্ষতাৰ বাবে কামৰূপ মহানগৰ জিলাই বিভিন্ন ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল । অসম চৰকাৰৰ এক নিৰ্দেশযোগে তেওঁক তিনিচুকীয়া জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে । এই সন্দৰ্ভত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । বিদায় সম্ভাষণ গ্ৰহণ কৰি জিলা আয়ুক্তগৰাকীয়ে সকলোকে দায়িত্বসহকাৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰি যাবলৈ পৰামৰ্শ দিয়ে ।

আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, নিউ গুৱাহাটী সমজিলা আয়ুক্ত অৰুন্ধতী নৰহ মিপুন, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande