
শিৱসাগৰ, ০৩ জানুৱাৰী (হি.স.)। ডিমৌত স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ শুভাৰম্ভ। চাহ বাগিচাৰ শ্ৰমিক সকলৰ স্বাস্থ্যৰ সুৰক্ষা কৰি ৰাজ্যৰ স্বাস্থ্য সূচকৰ মান উন্নীতকৰণৰ লক্ষ্যৰে আজি ডিমৌতো আৰম্ভ কৰা হৈছে স্বাস্থ্যৱান শ্ৰমিক যোজনা৷ ডিমৌ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আঠাবাৰী চাহ বাগিচা চিকিৎসালয়ত এই আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷
অসম চাহ নিগমৰ অধ্যক্ষ শিৱপ্ৰসাদ বদ্ৰাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ অধীনত আজি আঠাবাৰী চাহ বাগিচাৰ চাৰি শতাধিক পুৰুষ-মহিলাই স্বাস্থ্য পৰীক্ষা কৰে৷ স্বাস্থ্যৱান শ্ৰমিক যোজনাৰ স্বাস্থ্য পৰীক্ষা শিৱিৰটোত অসংক্ৰমক ৰোগ যেনে মধুমেহ, উচ্ছ ৰক্তচাপ, কেন্সাৰ, মেদবহুলতা আৰু স্কুল হেলথ প্ৰগ্ৰেমৰ অধীনত ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা আৰু বাগিচা অঞ্চলৰ ৰাইজৰ মাজত ৰক্তহীনতাৰ সমস্যা আদি ৰোগীক চিনাক্ত কৰা হ’ব আৰু জটিল সমস্যাত ভুগি থকা ৰোগী সকলৰ বিনামূলীয়া চিকিৎসাৰো ব্যৱস্থা আছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা