নগাঁৱৰ ননৈ ঘুৰঘুৰীত পানীত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
নগাঁৱ, ০১ জানুৱাৰী (হি.স.)। নগাঁৱৰ ননৈ ঘুৰঘুৰীত পানীত পৰি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ ৷ পুৱা পথচাৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ নিশা সুৰাপান কৰি পুখুৰীত পিচলি পৰাৰ সন্দেহ একাংশৰ ৷ আৰক্ষীৰ লোক উপস্থিত হৈ চিনাক্ত কৰে মৃতদেহটো ৷ মৃতদেহটো শ''লমাৰী গ
নগাঁৱৰ ননৈ ঘুৰঘুৰীত পানীত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ


নগাঁৱ, ০১ জানুৱাৰী (হি.স.)। নগাঁৱৰ ননৈ ঘুৰঘুৰীত পানীত পৰি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ ৷ পুৱা পথচাৰীয়ে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

নিশা সুৰাপান কৰি পুখুৰীত পিচলি পৰাৰ সন্দেহ একাংশৰ ৷ আৰক্ষীৰ লোক উপস্থিত হৈ চিনাক্ত কৰে মৃতদেহটো ৷

মৃতদেহটো শ'লমাৰী গাঁৱৰ দেবেন্দ্ৰ নাথ বুলি জানিব পৰা গৈছে ৷ কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হ'ল সেইটো আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে আৰক্ষী ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি নগাও চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande