
চিৰাঙ, ০৩ জানুৱাৰী (হি.স.)। অহা ১৭ জানুৱাৰীত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্মুখত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্য পৰিবেশন কৰিবলৈ চিৰাঙত অনুশীলন চলাইছে বড়ো জনগোষ্ঠীয় ডেকা গাভৰুৱে ৷ চিৰাং জিলা সদৰ কাজলগাঁও আৰু বিজনী আজিৰ দিনটোত প্ৰায় ৬০০ নাচনীয়ে অনুশীলনত ব্যস্ত হৈ পৰিছে ৷
চিৰাঙৰ এই বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াইছে বড়ো কলা সংস্কৃতি জগতৰ এক অন্যতম সাংস্কৃতিক সংস্থা চিফুং হাৰিমু আফাদৰ প্ৰশিক্ষক সকলে ৷
প্ৰায় ২৪ জনকৈ প্ৰশিক্ষকে এই বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াইছে কাজলগাঁও হাইস্কুল খেল পথাৰত ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা