
তামুলপুৰ, ০৩ জানুৱাৰী (হি.স.)। অহা ৯ জানুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাওকাটাৰ শুক্লাই চেণ্ট্ৰেল ফিল্ডৰ এক জনসভাত অংশগ্ৰহণ কৰিব। উক্ত সভাত তেওঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি-ৰ চেক্ প্ৰদান কৰিব। তদুপলক্ষে আজি নাওকাটাৰ শুক্লাই চেণ্ট্ৰেল ফিল্ডত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়।
তামুলপুৰ জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচী যাতে সুচাৰুভাৱে অনুষ্ঠিত হয়, সেই সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। উল্লেখ্য যে উক্ত সভাত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৩২ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি-ৰ চেক্ প্ৰদান কৰা হ'ব। আজিৰ সভাখনত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত জোনটি ডেকা, ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ'সহ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ