ভয়ংকৰ বিপদৰ পৰা ৰক্ষা বোকাখাত চহৰ
গোলাঘাট, ০৩ জানুৱাৰী (হি.স.)। ভয়ংকৰ বিপদৰ পৰা ৰক্ষা বোকাখাত চহৰ। বোকাখাত ইকৰাজান শিৱমন্দিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জি যে ০৬ এএক্স ৫৬৪৭ নম্বৰৰ গেছ ভৰ্তি কেপচুল বাহনত হঠাৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।বাহন খনৰ ভিতৰত থকা বৈদ্য়ুতিক সজুলিত অগ্নি
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা বোকাখাত চহৰ


গোলাঘাট, ০৩ জানুৱাৰী (হি.স.)। ভয়ংকৰ বিপদৰ পৰা ৰক্ষা বোকাখাত চহৰ। বোকাখাত ইকৰাজান শিৱমন্দিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জি যে ০৬ এএক্স ৫৬৪৭ নম্বৰৰ গেছ ভৰ্তি কেপচুল বাহনত হঠাৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।বাহন খনৰ ভিতৰত থকা বৈদ্য়ুতিক সজুলিত অগ্নি সংযোগ ঘটাত অগ্নিকাণ্ডৰ ঘটনাটোত সংঘটিত হয়।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাহন খনত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাত অঞ্চলটোত যানবাহনৰ চলাচল কিছু সময়ৰ বাবে বন্ধ হৈ পৰে।তীব্ৰ যানযতৰ সৃষ্টি হয়। অৱশেষত বোকাখাত যানবাহন আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত বাহন খনৰ অগ্নি নিৰ্বাপন কৰিব সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande