বোকাখাতত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গেছ পৰিবাহী কেপচুল টংকাৰ গাড়ীত অগ্নিকাণ্ড
গোলাঘাট, ০৩ জানুৱাৰী (হি.স.)। বোকাখাতৰ ইকৰাজানৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গেছ পৰিবাহী কেপচুল টংকাৰ গাড়ীত অগ্নিকাণ্ড । বোকাখাত পূব জ্যোতিপুৰৰ মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ডিব্ৰুগ
বোকাখাতত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গেছ পৰিবাহী কেপচুল টংকাৰ গাড়ীত অগ্নিকাণ্ড


গোলাঘাট, ০৩ জানুৱাৰী (হি.স.)। বোকাখাতৰ ইকৰাজানৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গেছ পৰিবাহী কেপচুল টংকাৰ গাড়ীত অগ্নিকাণ্ড । বোকাখাত পূব জ্যোতিপুৰৰ মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

ডিব্ৰুগড়ৰ পৰা গুৱাহাটী দিশে আহি থকা জি জে ০৬ এ এক্স ৫৬৪৭ নম্বৰৰ এখন চলন্ত গেছ পৰিবাহী কেপচুল টেংকাৰ গাড়ীৰ চালকৰ কেবিনত যান্ত্ৰিক বিজুতি ঘটি এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অঞ্চল জুৰি জনতীৰ মাজত এক আতংকময় পৰিৱেশৰ সুচনা হয় ৷ বহু সময় ধৰি উজনি নামনিৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । বোকাখাত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই বহু সময়ৰ পিছত সফল হয় । সাময়িক বিপদৰ পৰা কথমপি ৰক্ষা সমগ্ৰ অঞ্চলটো । আৰক্ষীয়ে গাড়ী খনত গেছ নথকা বুলি নিশ্চিত কৰাত ৰাইজৰ মাজত স্বস্থিৰ নিশ্বাস পৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande