
তিনিচুকীয়া, ০৩জানুৱাৰী (হি.স.)। তিনিচুকীয়াত আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ মধ্যকালিন অধিবেশন আৰম্ভ। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত আজিৰে পৰা অনুষ্ঠিত হৈছে আপকু সপ্তদশ কেন্দ্ৰীয় মধ্যকালিন অধিবেশন। আপকু কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন ৰাভাই পতাকা উত্তোলন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।
স্মৃতি তৰ্পণ কৰে কাৰ্য্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, প্ৰধান সম্পাদক শৰৎ শেনচোৱা আৰু আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি মুলেন্দ্ৰ মৰাণে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তিনিচুকীয়া জিলা আপকুৰ সভাপতি ৰবীন মৰাণে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু