
হোজাই, ১৩ জানুৱাৰী (হি.স.): হোজাইত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। ক্ৰিকেট খেল চলি থকাৰ সময়তে যোৱা কালি সোমবাৰে বিয়লি দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।
মাৰপিটত গুৰুতৰ ভাৱে আহত হয় কেইবাজনো লোক। এই ঘটনা সংঘটিত হৈছে হোজাই আম্লিপুখুৰী ৰিজাৰ্ভত । উক্ত ক্ৰিকেট খেলৰ আছিল ফাইনেল খেল । মাৰপিটৰ প্ৰকৃত কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই । ঘটনাস্থলীত যোগীজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ