লামডিঙত সন্ধানহীন এগৰাকী বোৱাৰী
লামডিঙত সন্ধানহীন এগৰাকী বোৱাৰী।
লামডিঙত সন্ধানহীন এগৰাকী বোৱাৰী


হোজাই, ১৩ জানুৱাৰী (হি.স.): হোজাই জিলাৰ লামডিঙত সন্ধানহীন হৈছে এগৰাকী বোৱাৰী। দীৰ্ঘদিন ধৰি লামডিঙত নাৰী নিৰুদ্দেশ হোৱাটো চিন্তাৰ বিষয় হৈ পৰিছে।

লামডিং দক্ষিণ লামডিং দুৰ্গা কলনীৰ গাৱঁৰ পৰা বোৱাৰীগৰাকী লগতে তেওঁৰ শিশু সন্তান সন্ধানহীন হয়। সন্ধানহীন বোৱাৰী গৰাকীৰ নাম চান্দিনী বিশ্বাস। যোৱা কালি সোমবাৰৰ দুপৰীয়া প্ৰায় এক বজাৰ পৰা সন্ধানহীন হয় সন্তানসহ মহিলাগৰাকী। চান্দিনী বিশ্বাসৰ স্বামী বিপ্লৱ বিশ্বাস এই সন্দৰ্ভত লামডিং আৰক্ষী থানত এখন এজেহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande