ৰঙিয়াত নিশাৰ পৰাই চলিল উৰুকাৰ বজাৰ
কামৰূপ, ১৩ জানুৱাৰী (হি.স.)। ৰাজ্য়ৰ আন স্থানৰ দৰে উৰুকা উপলক্ষে কামৰূপ জিলাৰ ৰঙিয়াও পিছ পৰি থকা নায়। ৰঙিয়াত কালি নিশাৰ পৰাই চলিল উৰুকাৰ বজাৰ। নিশাৰ পৰাই বজাৰত ওলাইছে বিভিন্ন প্ৰকাৰৰ মাছ। উৰুকা বুলি কলে মাছৰ বজাৰ খন আকৰ্ষণীয় হৈ পৰে ।ৰঙিয়াৰ বৰলীয়
ৰঙিয়াত নিশাৰ পৰাই চলিল উৰুকাৰ বজাৰ


কামৰূপ, ১৩ জানুৱাৰী (হি.স.)। ৰাজ্য়ৰ আন স্থানৰ দৰে উৰুকা উপলক্ষে কামৰূপ জিলাৰ ৰঙিয়াও পিছ পৰি থকা নায়। ৰঙিয়াত কালি নিশাৰ পৰাই চলিল উৰুকাৰ বজাৰ। নিশাৰ পৰাই বজাৰত ওলাইছে বিভিন্ন প্ৰকাৰৰ মাছ। উৰুকা বুলি কলে মাছৰ বজাৰ খন আকৰ্ষণীয় হৈ পৰে ।ৰঙিয়াৰ বৰলীয়া নৈৰ পাৰত নিশাৰ পৰাই আৰম্ভ হৈছে বৃহৎ পাইকাৰী মাছৰ বজাৰ । চিতল,বৰালি, আৰি , ৰৌ ভকুৱা আদি সকলো মাছৰ পাইকাৰী বজাৰ বহে ৰঙিয়াৰ বালাগাঁৱত।

উৰুকাৰ আগদিনাৰ পৰা শ শ ব্যৱসায়ী আহি এইখন বজাৰৰ পৰা ক্ৰয় কৰি লৈ যাই মাছ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande