জাগীৰোডৰ শিলচাঙত অনুষ্ঠিত হ’ল ঐতিহাসিক উদীপুৰ মেলা
মৰিগাঁও, ১৩ জানুৱাৰী (হি.স.)। জাগীৰোডৰ শিলচাঙত অনুষ্ঠিত হ’ল ঐতিহাসিক উদীপুৰ মেলা ৷ উদীপুৰ বিলৰ পাৰত প্ৰাচীন খলা দেওৰজাৰ ৰাজকীয় কৃষ্টি সংস্কৃতিৰে মুখৰিত হৈ বৈচিত্ৰময় জনগোষ্ঠীয় প্ৰথাৰে অনুষ্ঠিত হৈছে এই মেলা ৷ পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবেলিও অন
জাগীৰোডৰ শিলচাঙত অনুষ্ঠিত হ’ল ঐতিহাসিক উদীপুৰ মেলা


মৰিগাঁও, ১৩ জানুৱাৰী (হি.স.)। জাগীৰোডৰ শিলচাঙত অনুষ্ঠিত হ’ল ঐতিহাসিক উদীপুৰ মেলা ৷ উদীপুৰ বিলৰ পাৰত প্ৰাচীন খলা দেওৰজাৰ ৰাজকীয় কৃষ্টি সংস্কৃতিৰে মুখৰিত হৈ বৈচিত্ৰময় জনগোষ্ঠীয় প্ৰথাৰে অনুষ্ঠিত হৈছে এই মেলা ৷

পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবেলিও অনুষ্ঠিত হয় উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ । খলা দেওৰজা প্ৰবীন কোঁৱৰে আনুষ্ঠানিক ভাৱে পৰম্পৰা অক্ষুণ্ণ ৰাখি সমূহীয়া মৎস্য চিকাৰৰ শুভাৰম্ভ কৰে ৷ তাৰ পিছতেই সমূহ ৰাইজে হাতে হাতে জাল জুলুকি, প’ল’ হকা আদি মাছমৰা সজুঁলি লৈ বিলত নামে শত সহস্ৰজন ৷ ৰৌ, বৰালি, শ’ল আদি মাছ ধৰি আনন্দত আত্মহাৰা হৈ পৰে সকলো ৷ গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ পূৰ্বে অনুষ্ঠিত হোৱা এই উদীপুৰ মেলাই পাহাৰ ভৈয়ামৰ লোকৰ মাজত গঢ়ি তুলিছে সমন্বয়ৰ এনাজৰী ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande