বিধে বিধে মৎস্যৰে উভয়নদী তামুলপুৰ জিলাৰ গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰ
গোৰেশ্বৰত দেখা গ'ল মাঘ বিহুৰ উৰুকাক লৈ সকলোৰে মনত আনন্দ উদ্দিপনা।
বিধে বিধে মৎস্যৰে উভয়নদী তামুলপুৰ জিলাৰ গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰ


বাক্সা, ১৩ জানুৱাৰী (হি.স.): মাঘ বিহুৰ উৰুকা মানেই ভোগৰ আনন্দ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰত দেখা গ'ল মাঘ বিহুৰ উৰুকাক লৈ সকলোৰে মনত আনন্দ উদ্দীপনা। উৰুকাৰ নিশা একেলগে এসাজ খোৱাৰ মানসেৰে গোৰেশ্বৰত মাছ বজাৰত ভিৰ কৰে গ্ৰাহকসকলেয়ে।

বিধে বিধে মৎস্যৰে উভয়নদী হৈ পৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰ অৰ্ধ সাপ্তাহিক বজাৰ। গোৰেশ্বৰৰ আশে পাশে থকা অঞ্চলৰে বিল সমূহৰ থলুৱা ৰৌ, বৰালী, ভকুৱা, চিতল, কমলকাৰ্প, বিকেট মাছ ক্ৰয় কৰিবলৈ পুৱতি নিশাৰ পৰাই ভিৰ কৰে ক্ৰেতা সকলে।ৰাজ্যৰ সমান্তৰালকৈ গোৰেশ্বৰতো উৰুকাৰ নিশা পৰিয়ালৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে একেলগে এসাজ খোৱাৰ মানসেৰে মাছ কিনিবলৈ ওলাই আহিছে সকলো । আজি ২৮ কিলো ওজনৰ বিকেট, ১২ কেজিৰ চিতল মাছো ওলাইছে গোৰেশ্বৰ বজাৰত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande