মৰাণত উৰুকা বজাৰত গ্ৰাহকৰ অভূতপূৰ্ব ভীৰ
মৰাণত উৰুকা বজাৰ।
মৰাণত উৰুকা বজাৰত গ্ৰাহকৰ অভূতপূৰ্ব ভীৰ


ডিব্ৰুগড়, ১৩ জানুৱাৰী (হি.স.): আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা। ভোগালীৰ উৰুকাৰ প্ৰাক-মুহূৰ্তত মৰাণ বজাৰত দেখা গৈছে গ্ৰাহকৰ অভূতপূৰ্ব ভীৰ। বিশেষকৈ পাইকাৰী মাছ বজাৰত গ্ৰাহকৰ ব্যাপক উপস্থিতিয়ে বজাৰখন সজীৱ কৰি তুলিছে। মৰাণ বজাৰত আজিৰ দিনটোত প্ৰায় ৩০ কেজি ওজনৰ ডাঙৰ ব্ৰিকেট মাছো বিক্ৰী হোৱা দেখা গৈছে।

এই উপলক্ষে মৰাণ বজাৰসমূহত ডিব্ৰুগড় জিলা মীন বিভাগৰ তৰফৰ পৰা বিভিন্ন প্ৰজাতিৰ মাছৰ দাম নিৰীক্ষণ কৰা দেখা গৈছে। উৰুকাৰ নিশা পৰিয়ালৰ সকলো সদস্য একেলগে মিলি মাছে-মঙহেৰে এসাজ ভোজন কৰাৰ আনন্দত মগ্ন হৈ পৰিছে ৰাইজ। মৰাণ পাইকাৰী মাছ বজাৰত আজি বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হোৱাৰ লগতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক ডাঙৰ মাছ ক্ৰয় কৰিবলৈ অহা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande