
তামুলপুৰ, ১৩ জানুৱাৰী (হি.স.): তামুলপুৰৰ নাওকাটাত অনুষ্ঠিত হৈছে প্ৰাগ ভোগালী উৎসৱ। ইউপিপিএল দলৰ উদ্যোগত যোৱা কালি সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় প্ৰাগ ভোগালী আৰু মত বিনিময় অনুষ্ঠান।
ভোগালী বিহুৰ প্ৰাকক্ষনত সমষ্টিৰ লোকৰ লগত এখাজ তিপ্তিৰে খালে ইউপিপিএল দলৰ নেতা কৰ্মীয়ে। প্ৰাগ ভোগালী উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মত বিনিময় অনুষ্ঠান সমষ্টিৰ ৰাইজৰ সুখ-দুখৰ বাৰ্তা, সমষ্টিৰ ৰাইজৰ উন্নয়ন কেনেদৰে কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হয়। কেন্দ্ৰীয় সমিতিৰ চিডব্লিউৰ সদস্য মুজিবুৰ আলি আহমেদ , কাৰ্তিক বড়ো, চিডব্লিউৰ সদস্য মুনিন্দ্ৰ কাকতি, কেন্দ্ৰীয় সমিতিৰ যুৱ সম্পাদক ৰমিত স্বৰ্গীয়াৰী লগতে সমষ্টিৰ কেইবাজনো সচেতন নাগৰিক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ