
নলবাৰী, ১৩ জানুৱাৰী (হি.স.): নলবাৰী জিলাৰ টিহু ৰেলৱে ষ্টেচনত যোৱা কালি সোমবাৰে সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী মহিলা। মহিলাক নিচা জাতীয় টেৱলেট সেৱন কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে এজন যুৱকৰ বিৰুদ্ধে ।
পিছত অচেতন অৱস্থাত মহিলাক গৰাকীক টিহু আৰক্ষীয়ে উদ্ধাৰ কৰি টিহু প্ৰাথমিক কেন্দ্ৰত ভৰ্তি কৰায়। ধৃত যুৱকজন সমৰীন বৈশ্য বুলি প্ৰকাশ কৰে মহিলা গৰাকীয়ে । মহিলা গৰাকীৰ ঘৰ টিহু নাথকুছিত বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ