
দৰং, ১৩ জানুৱাৰী (হি.স.)। ছিপাঝাৰৰ বলদেৱ পুখৰীৰ মাছ বিক্ৰীৰ নামত উৰুকাৰ পুৱাতেই ৰাইজক প্ৰৱঞ্চনা। পুৱা ৫ বজাৰ পৰা ১১ বজালৈ সূলভ মূল্যত ৰাইজক মাছ বিক্ৰী কৰিম বুলি ঘোষণা দি আছিল। কিন্তু নিশাৰ ভাগতেই পুখুৰীৰ লেছিয়ে সকলো প্ৰকাৰৰ মাছ বিক্ৰী কৰে। যাৰ ফলত পুৱাৰ ভাগত অঞ্চলটোৰ মাছ ক্ৰয় কৰিবলৈ অহা বহু লোক বিমুখ হৈ উভতি যাব লগা হয়।
ইফালে মাছ ক্ৰয় কৰিবলৈ উপস্থিত হোৱা একাংশ লোকৰ অভিযোগত তদন্ত কৰিবলৈ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয়।মাছ বিক্ৰীৰ সৈতে জৰিত সমবায় খনৰ একাংশ বিষয়ববীয়াক আৰক্ষী সোধাপোচা কৰে।অৱশ্য়ে আৰক্ষী সোধাপোচা কৰিয়ে ঘটনাস্থলীৰ পৰা আতৰি যায়। ৰাইজ ইয়াত অধিক ক্ষুন্ন হৈ পৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা