
নলবাৰী, ১৩ জানুৱাৰী (হি.স.)। কালি নিশাৰ ভাগত মুকালমুৱাৰ বৰলিয়াৰপাৰৰ এখন মাছৰ বজাৰ । হেজাৰ হেজাৰ লোক সমবেত হৈছে মাছ ক্ৰয় কৰিবলৈ । আজিলৈ হেপাহৰ ভোগালী বিহুৰ উৰুকাৰ বাবে মাছ ক্ৰয় কৰিবলৈ মাছৰ বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ প্ৰস্তুতি। ১৫ ৰ পৰা ২৫ কিলো গ্ৰাম ওজনৰ ব্ৰিকেট, ৰৌ, বৰালি মাছ ক্ৰয়ৰ বাবে হেতাওপৰা গ্ৰাহকৰ৷
বিভিন্ন প্ৰকাৰৰ মাছ অনুযায়ী আৰু মাছৰ ওজনৰ ভিত্তিত বজাৰত দৰ স্থিৰ কৰা হৈছে ।বৰালী ৯০০/১০০০,ভকুৱা ৭৫০/৮০০, চিতল ৭৫০/৯০০, আৰি ১১০০/১২০০। উৰুকা উপলক্ষে ৰাইজ ডাঙৰ মাছ ক্ৰয় কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।বজাৰতো বৃহত আকাৰৰ মাছে গ্ৰাহকাৰ অধিক দৃষ্টি আকৰ্ষণ কৰে। দুই কেজিৰ পৰা চাৰি কেজি পাচ কেজি মাছ গ্ৰাহকৰ অধিক পচণ্ডৰ হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ