অসমৰ খ্যাতনামা সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান
গুৱাহাটী, ১৩ জানুৱাৰী(হি.স.)। অসমৰ এগৰাকী খ্যাতনামা সংগীত শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই আজি ইহলীলা সম্বৰণ কৰিলে। উৰুকাৰ দিনাই আজি মঙলবাৰে অসমবাসীক ম্ৰিয়মান কৰি পুৱা ৮.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে। দীৰ্ঘদিন ধৰি
সংগীত শিল্পী সমৰ হাজৰিকা


গুৱাহাটী, ১৩ জানুৱাৰী(হি.স.)। অসমৰ এগৰাকী খ্যাতনামা সংগীত শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই আজি ইহলীলা সম্বৰণ কৰিলে। উৰুকাৰ দিনাই আজি মঙলবাৰে অসমবাসীক ম্ৰিয়মান কৰি পুৱা ৮.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হাজৰিকাৰ নিজৰাপাৰৰ নিজা বাসগৃহত দেহাৱসান হয়। কিছুদিন পূৰ্বে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে হাজৰিকাৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থ হোৱাত তেখেতক ঘৰলৈ আহিবলৈ দিয়া হৈছিল। ৭৫ বছৰীয়া সমৰ হাজৰিকাই ইঁহ সংসাৰত এগৰাকী পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। তেওঁৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগতখনত শোকৰ লহৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, ১৯৬০ চনতে সংগীতৰ যাত্ৰা আৰম্ভ কৰা শিল্পী হাজৰিকাই বোৱাৰী, প্ৰভাতী পখীৰ গান, উপ পথ আদি বহুকেইখন অসমীয়া চিনেমাত কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল। একেদৰে তেওঁ ভালেকেইটা এলবামতো কণ্ঠ প্ৰদান কৰিছিল। তেখেত কেৱল গায়কেই নাছিল, তেখেত আছিল এগৰাকী দক্ষ বিচাৰক। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰিছিল। উল্লেখ্য় যে ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল সমৰ হাজৰিকা।

শিল্পী সমৰ হাজৰিকাৰৰ মহাপ্ৰয়ানত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে যে সমৰৰ আত্মাস্পৰ্শী কণ্ঠই প্ৰতিটো মঞ্চ আৰু অনুষ্ঠানক আলোকিত কৰিছিল। অসমৰ সাংস্কৃতিক পৰিৱেশত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল আৰু ড° ভূপেন হাজৰিকাৰ উত্তৰাধিকাৰক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সমৰ হাজৰিকাৰ বিয়োগত অসমে আন এক বহুমূলীয়া আৰু সোণালী কণ্ঠ হেৰুৱাইছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। শিল্পী গৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande