মানাহ ৰাষ্ট্ৰীয় উদ্যানত মানাহ মহোৎসৱ ৰ লাইখুঁটা স্থাপন
চিৰাং,১৩ জানুৱাৰী (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি অহা ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগন
মানাহ ৰাষ্ট্ৰীয় উদ্যানত মানাহ মহোৎসৱ ৰ লাইখুঁটা স্থাপন


চিৰাং,১৩ জানুৱাৰী (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি অহা ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগনত মানাহ মহোৎসৱ ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে।

কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মহোৎসৱৰ লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটক সকলক সন্তুষ্ট কৰিবৰ কাৰণে প্ৰতি বছৰে মানাহ মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। মানাহ মহোৎসৱত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন হ'ব বুলি উদ্যোক্তা সকলে জানিব দিয়ে। পূৰ্বতকৈ মানাহ মহোৎসৱ এইবাৰ যথেষ্ট ভালকৈ উদযাপন হ'ব বুলি সদৰি কৰি সকলোকে মানাহ মহোৎসৱলৈ আহিবলৈ আহ্বান জনাইছে উদযাপন সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande