হাটশিঙিমাৰীৰ বেপাৰীপাৰাত পিতৃ-মাতৃয়ে ধনৰ বিনিময়ত বিক্ৰী কৰিলে ২২ দিনীয়া কন্যা সন্তান
হাটশিঙিমাৰীৰ বেপাৰীপাৰাত হৃদয় বিদাৰক ঘটনা ।
হাটশিঙিমাৰীৰ বেপাৰীপাৰাত পিতৃ-মাতৃয়ে ধনৰ বিনিময়ত বিক্ৰী কৰিলে ২২ দিনীয়া কন্যা সন্তান


দক্ষিণ শালমাৰা মানকাচৰ, ১৩ জানুৱাৰী (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ বেপাৰীপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । পাষণ্ড পিতৃ-মাতৃয়ে ১১ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিলে নিজৰ ২২ দিনীয়া কন্যা সন্তানক। জিলাখনৰ সুখচৰ থানাৰ অন্তৰ্গত বেপাৰীপাৰা গাঁৱত পাষণ্ড পিতৃ মাতৃয়ে সংঘটিত কৰিলে এই হৃদয়বিদাৰক ঘটনা।

গাওঁখনৰ প্ৰয়াত ইছমাইল বেপাৰীৰ পুতেক ৰাহিবুল বেপাৰীয়ে তেওঁৰ দ্বিতীয় গৰাকী পত্নীৰ লগত মিলি ২২ দিনীয়া কন্যা সন্তানক ১১ হেজাৰ টকাৰ বিনিময়ত এগৰাকী কিন্নৰৰ ওচৰত বিক্ৰী কৰে। ইফালে ঘটনাটো গাপ দিয়াৰ কাৰণে ৰাহিবুল বেপাৰীয়ে তেওঁৰ কন্যা সন্তানটো কোনোবাই লৈ যায় বুলি সুখচৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৰাহিবুলক জেৰা কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে। ৰাহিবুলে আৰক্ষীৰ আগত স্বীকাৰোক্ত দিয়ামতে তেওঁৰ ঘৈণীয়েক আৰু তেওঁ মিলি এগৰাকী কিন্নৰৰ ওচৰত বিক্ৰী কৰিছে। যাৰফলত ৰাহিবুলক আৰক্ষীয়ে আটক কৰি ঘটনাৰ সবিশেষ উদ্ধাৰৰ কাৰণে সোধ পোছ চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande