জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ।
জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা


বৰপেটা, ১৩ জানুৱাৰী (হি.স.): বৰপেটা জিলাৰ জনীয়াত যোৱা কালি সোমবাৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জনীয়াত পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।উত্তেজিত ৰাইজে অৱৰোধ কৰিলে ২ নং বিকল্প ৰাজ্যিক ঘাইপথ।

ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। জনীয়াৰ পৰা বামুনটাৰী অভিমুখে গৈ থকা এএছ ১৫ দে ৭৩৬৬ নম্বৰৰ গ্লেমাৰ বাইকে এজন পথচাৰীক পিছফালৰ পৰা খুন্দা মৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। দূৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী আৰু পথচাৰীক ৰাইজৰ তৎপৰতাত বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। পথছোৱাত অতি শীঘ্ৰে স্পিড ব্ৰেকাৰৰ দাবী পথ অৱৰোধ কাৰী ৰাইজৰ। সঘনাই পথছোৱাত দূৰ্ঘটনা সংঘটিত হোৱাত দূৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পোৱাৰ স্থায়ী সমাধান নোহোৱালৈ অৱৰোধ চলাই যোৱাৰ হুংকাৰ ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande