দেৰগাঁৱৰ ৰঙামাটি টোল গেটত নিশাৰ ভাগত প্ৰতিবাদকাৰীৰ অৱস্থান
দেৰগাঁৱৰ ৰঙামাটি টোল গেটত উপস্থিত আছে প্ৰতিবাদকাৰী।
দেৰগাঁৱৰ ৰঙামাটি টোল গেটত নিশাৰ ভাগত প্ৰতিবাদকাৰীৰ অৱস্থান


গোলাঘাট, ১৩ জানুৱাৰী (হি.স.): দেৰগাঁৱৰ ৰঙামাটি টোল গেটত যোৱা কালি নিশাৰ ভাগতো উপস্থিত থাকে প্ৰতিবাদকাৰী। সম্প্ৰতি, প্ৰতিবাদত সেও মানি সাময়িক ভাৱে বন্ধ ৰখা হৈছে টোল গেট । কোনো বাহনৰ পৰা সংগ্ৰহ কৰা হোৱা নাই টোল কৰ ।

ইফালে ঘটনাস্থলীত দেৰগাঁও আৰক্ষী সহ দেৰগাঁও সমজিলাৰ অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আনহাতে পুনৰ টোল গেট আৰম্ভ কৰিলেই প্ৰতিবাদৰ হুংকাৰ দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মীসকলে । ৩৭ নং চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে টোল গেট আৰম্ভ কৰিব পাৰিব। অন্যথা, অনিৰ্দিষ্ট কাললৈ কোনো কাৰণতে টোল কৰ সংগ্ৰহ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলেয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande