গহপুৰত ভোগালীৰ উৰুকাৰ মাছৰ বজাৰত ১৪ কেজি ওজনৰ বৰালি
বিশ্বনাথ, ১৩ জানুৱাৰী (হি.স.)। অসমীয়াৰ আদৰৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ আজি উৰুকা । এই উৰুকাৰ নিশা সকলোৱে লগে-ভাগে এসাজ তৃপ্তিৰে খোৱাৰ বাবে নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ বহু জন আহিছে গহপুৰৰ বালিজান জকাপাৰা মহাবাহু ফিচাৰিলৈ ৷ ৰৌ-বৰালিৰ,লগতে চিতল-আৰি-ভকু
গহপুৰত ভোগালীৰ উৰুকাৰ মাছৰ বজাৰত ১৪ কেজি ওজনৰ বৰালি


বিশ্বনাথ, ১৩ জানুৱাৰী (হি.স.)। অসমীয়াৰ আদৰৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ আজি উৰুকা । এই উৰুকাৰ নিশা সকলোৱে লগে-ভাগে এসাজ তৃপ্তিৰে খোৱাৰ বাবে নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ বহু জন আহিছে গহপুৰৰ বালিজান জকাপাৰা মহাবাহু ফিচাৰিলৈ ৷ ৰৌ-বৰালিৰ,লগতে চিতল-আৰি-ভকুৱা আদি ভিন্ন প্ৰজাতিৰ মাছেৰে উভয়নদী মহাবাহুত ।

উৰুকাৰ নিশাৰ ভোজৰ বাবে প্ৰায় ১০ কুইন্টল বৰালি ,বাহু আদি মাছ ইতিমধ্যে বিক্ৰী কৰিবলৈ সাজু কৰি ৰাখিছে ৷ অতি সোৱাদ যুক্ত বুলি পৰিচিত মহাবাহু ফিছাৰীৰ এই মাছ গহপুৰৰ লগতে বিশ্বনাথ , শোণিতপুৰ ,লখিমপুৰ জিলা আৰু কাষৰীয়া অৰুণাচল প্ৰদেশৰ বজাৰ সমূহতো বিক্ৰী হৈ আহিছে । এই বেলি মহাবাহুৰ ১৪ কেজি ওজন ৰ বৰালীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কাঢ়িবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande