
ধুবুৰী, ১৩ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি সোমবাৰে বিয়লি উপস্থিত হয় বিধায়ক অখিল গগৈ। গৌৰীপুৰ গেৰামাৰীত অনুষ্ঠিত হয় অখিল গগৈৰ বিশাল গণ-সমাবেশ। ধুবুৰী জিলা ৰাইজৰ দলৰ উদ্যোগত আৰু গৌৰীপুৰ সমষ্টি কমিটিৰ সহযোগত এই বিশাল গণ সমাৱেশৰ আয়োজন কৰা হয়।
হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ সন্মুখত অখিল গগৈয়ে উদাত্ত ভাষণ দিয়ে। ন কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ শেহতীয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে ৰেজাউলে কোৱা কথা উঠাই লব লাগে আৰু অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে। মই শিৱসাগৰৰ বিধায়ক, শিৱসাগৰক কোনেও ধুবুৰী কৰিব নোৱাৰে আৰু ধুবুৰীকো কোনেও শিৱসাগৰ কৰিব নোৱাৰে কাৰণ সকলোৰে সুকীয়া স্থিতি আছে। অসামাজিক কথা কৈ ৰেজাউলে বিজেপিক সহায় কৰাৰ দৰে হৈছে, এইদৰে গৌৰীপুৰৰ বটেৰতলত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
অখিল গগৈয়ে ভাষণত এটাৰ পিছত আনটো প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে যি সকল মনুহৰ মাটি আছে সকলোকে মাটিৰ পাট্টা দিয়া হব আৰু গৰাখহনীয়াৰ আক্ৰান্ত লোক সকলক মাটি প্ৰদান কৰা হ’ব। অসমত থকা প্ৰতিখন খেতি পথাৰত বিনামূলীয়াকৈ পানীৰ যোগান ধৰাৰ লগতে কৃষকৰ ইলেকট্ৰনিক মাছুল বিনামূলীকৈ দিয়া হ’ব। প্ৰতিখন গাঁৱতে ৫ খনকৈ ট্ৰেক্টৰ দিয়াৰ লগতে মাটিৰ খাজনা ফ্ৰী দিয়া হ’ব। ৰাইজৰ দল চৰকাৰত আহিলে কৃষকৰ উৎপাদিত বস্তু বোৰ কম দামত বিক্ৰী কৰিব নেলাগে চৰকাৰে নূন্য়তম ১৫ টকাত কিনিব। মই কৃষকৰ বাবে আন্দোলন কৰি ৩৬ জেলত গৈছোঁ আৰু মোৰ নামত ১৬৫ টাকৈ কেছ আছে। যদি মই এদিন মুখ্য মন্ত্ৰী হও তেন্তে মাটিৰ পট্টা মতা আৰু মাইকীৰ নামত দিয়াৰ ব্যৱস্থা কৰিম যাতে এজনে চহী কৰি মাটি বিক্ৰী কৰিব নোৱাৰিব । চৰকাৰত আহিলে আনৰ ঘৰত বন কৰা ছোৱালী সমূহক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ’ব আৰু এখনকৈ কাৰ্ড বনাই দিয়া হ’ব। বহিঃৰাজ্য লৈ কাম কৰা যুৱক সকলক হিন্দী আৰু ইংৰাজী আগতীয়াকৈ প্ৰশিকোণ দয়া হ’ব আৰু পুলিচৰ ট্ৰেইনিং শিকাই বন্দুক চলাবলৈ শিকাব। ইয়াৰ উপৰি ড্ৰাইভাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা, বিনামূলীয়াকৈ নাৰ্ছৰ প্ৰশিক্ষণ প্ৰদান কৰা, মিস্ত্ৰীৰ স্কুল খুলি মিস্ত্ৰীৰ প্ৰশিক্ষণ দিয়াকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে বিধায়ক অখিল গগৈয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ