
দক্ষিণ শালমাৰ মানকাচৰ, ১৩ জানুৱাৰী (হি.স.): দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ ফকিৰগঞ্জৰ বোচাইমাৰীত ব্ৰহ্মপুত্ৰ নদীত পাৰত এক অঘটন সংঘটিত হয় । ব্ৰহ্মপুত্ৰৰ পাৰৰ গৰা খহি মাটিৰ তলত সোমাই পৰে এটা শিশু । অৱশ্য়ে স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে শিশুটিৰ ।
যোৱা কালি সোমবাৰে বিয়লি এই ঘটনা সংঘটিত হৈছিল । স্থানীয় লোকে তাৎক্ষণিকভাৱে শিশুটোৰ বালিৰ তলৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ শিশুজনক চিকিৎসালয় লৈ যায়। সম্প্ৰতি শিশুটো সংকট মুক্ত যদিও চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ