
গুৱাহাটী, ১৩ জানুৱাৰী (হি স)। গুৱাহাটী আৰক্ষীয়ে আজি বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই আমিনগাঁও অঞ্চলত দুখন বাহন আটক কৰি বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে। এই চালান চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ মাজেৰে সৰবৰাহ কৰা হৈছিল।
আৰক্ষীয়ে জনোৱা মতে, আমিনগাঁৱত আটক কৰে এ এছ-২৩এডি-৬৬২৬ নম্বৰৰ এখন থাৰ বাহন আৰু এ এছ-০১জিএন-৭৪০৪ নম্বৰৰ মাৰুতি জিমনী বাহন। তালাচীৰ সময়ত দুয়োখন বাহনৰ গোপন চেম্বাৰৰ পৰা ৯৭টা চাবোনৰ বাকচত লুকুৱাই ৰখা হেৰ’ইন উদ্ধাৰ কৰা হয়। ইয়াৰে ৪০টা পেকেট থাৰত আৰু ৫৭টা জিমনি খনত পোৱা গৈছিল।
চাবোনৰ আৱৰণ বাদ দি উদ্ধাৰ হোৱা হেৰ’ইনৰ মুঠ ওজন ১ কিলোগ্ৰাম ৩৫৮ গ্ৰাম বুলি অনুমান কৰা হৈছে। এই গোচৰত দুয়োখন বাহনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে। আটকাধীন অভিযুক্ত দুজন ক্ৰমে বৰপেটা থানাৰ পাল হাজীৰ কাজী পাৰাৰ বাসিন্দা জুনব কাজীৰ পুত্ৰ আনোৱাৰ হুছেইন কাজী (৩৩) আৰু আনজন হৈছে আমিনুল ছিকদাৰ (৩৩)।
অসম আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ হোৱা ড্ৰাগছৰ আনুমানিক আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ₹১১ কোটি। এই গোচৰত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া