চামগুৰিত দুখন বাহনৰ চালক,আৰোহীৰ মাজত মাৰ পিটৰ ঘটনা
নগাঁও, ১৩ জানুৱাৰী (হি.স.)। চামগুৰিত কালি নিশা ভয়ংকৰ মাৰ পিটৰ ঘটনা। ব্যক্তিগত বাহনৰ আৰোহী,চালক আৰু নৈশ বাছৰ চালক ,হেণ্ডিমেনৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনি স্থিত ৰাজুৱাদা হোটেলৰ সন্মুখত
চামগুৰিত দুখন বাহনৰ চালক,আৰোহীৰ মাজত মাৰ পিটৰ ঘটনা


নগাঁও, ১৩ জানুৱাৰী (হি.স.)। চামগুৰিত কালি নিশা ভয়ংকৰ মাৰ পিটৰ ঘটনা। ব্যক্তিগত বাহনৰ আৰোহী,চালক আৰু নৈশ বাছৰ চালক ,হেণ্ডিমেনৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনি স্থিত ৰাজুৱাদা হোটেলৰ সন্মুখত নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। এখন ব্যক্তিগত বাহনত থকা যুৱকৰ দল আৰু নৈশ বাছৰ চালকৰ মাজত প্ৰচণ্ড মাৰপিট।

১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমে ব্যক্তিগত কিয়া বাহন আৰু নৈশ বাছৰ মাজত সংঘাত। উজনি অসমৰ দিশে গৈ থকা দ্বীপ ট্ৰেভেলছৰ এক্সটাচিয়া নামৰ নৈশ বাছ খনক ৰাষ্ট্ৰীয় ঘাইপথত পথ এৰি নিদিয়াৰ অভিযোগ ব্যক্তিগত কিয়া বাহন খনৰ বিৰুদ্ধে। বাহনৰ ভিতৰৰ পৰাই দুখন বাহনৰ চালকৰ মাজত তৰ্ক বিতৰ্ক। খেদি খেদি গৈ ৰাজুৱাদা হোটেলত নিশা আহাৰ গ্ৰহণ কৰিবলৈ লোৱা নৈশ বাছৰ চালকক নমাই আনি আক্ৰমন কৰে ব্যক্তিগত বাহন খনত থকা যুৱকৰ এটা দলে। অভিযোগ প্ৰতি অভিযোগৰ শেষত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয়। মাৰপিটত আঘাতপ্ৰাপ্ত হয় নৈশ বাছৰ চালক আৰু ব্যক্তিগত বাহন খনত থকা যুৱক কেইজন। ঘটনা সন্দৰ্ভত নৈশ বাছৰ চালকৰ বিপৰীতে ব্যক্তিগত বাহন খনত যোৱা যুৱকৰ দলটোৱে মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande