
নলবাৰী, ১৩ জানুৱাৰী (হি.স.): আজি মাঘ বিহুৰ উৰুকা। মাঘ বিহুৰ উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ মাছকে ধৰি অন্য়ান্য় সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকে ভিৰ কৰিছে। লগতে উৰুকা উপলক্ষে বজাৰত উভৈনদী হৈ পৰিছে মাছ। নলবাৰীতো বজাৰত উভৈনদী হৈ পৰিছে মাছ। হেপাহৰ ভোগালী বিহুৰ উৰুকাৰ বাবে নিশাৰ পৰাই অনুষ্ঠিত হয় নলবাৰীৰ মহবিয়নী মাছৰ বজাৰ। এই বজাৰত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে ।
সহস্ৰাধিক লোক সমবেত হৈছে মাছ ক্ৰয় কৰিবলৈ । উল্লেখ্য় যে সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ প্ৰস্তুতি । ভোগালী বিহুৰ প্ৰাকক্ষণত উৰুকাৰ নিশা লগেভাগে এসাঁজ খাবৰ বাবে নিশাৰ ভাগত নলবাৰীৰ মোহবিয়নীৰ এখন থলুৱা মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা যায় ৷ উল্লেখ্য় যে এই বজাৰত উলিওৱা ১৫ ৰ পৰা ২০ কিলো ওজনৰ বিগহেড, ৰৌ, বৰালি মাছ ক্ৰয়ৰ বাবে গ্ৰাহকৰ হেতাওপৰা লাগে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ