ডিব্ৰুগড়তো মাছৰ বজাৰত বিভিন্ন প্ৰান্তৰ গ্ৰাহক সকলৰ ভীৰ
ডিব্ৰুগড়তো মাছৰ বজাৰত ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ পৰা আহি গ্ৰাহক সকলে।
ডিব্ৰুগড়তো মাছৰ বজাৰত বিভিন্ন প্ৰান্তৰ গ্ৰাহক সকলৰ ভীৰ


ডিব্ৰুগড়, ১৩ জানুৱাৰী (হি.স.): আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ লগতে ডিব্ৰুগড়তো মাছৰ বজাৰত ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ পৰা আহি গ্ৰাহক সকলে । পিছ পৰি ৰোৱা নাই ডিব্ৰুগড় বিধায়ক তথা আসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰশান্ত ফুকনো।

বজাৰৰ মাজতে অসমৰ ৰাইজক জনালে বীহুৰ শুভেচ্ছা গালে এফাঁকি বিহু গীত । এতিয়া বজাৰত উপলব্ধ বিভিন্ন প্ৰজাতিৰ মাছ৷ ভোগালী বিহুৰ উৰুকা নিশা সকলোৱে এসাঁজ খাবলৈ পুৱাই আহি ভিৰ কৰিছে মাছৰ বজাৰত৷ৰৌ, ভকুৱা, চিতল, বৰালি, আঁৰি, বাহু আদি বিভিন্ন প্ৰজাতিৰ মাছেৰ ভৰি পৰিছে বজাৰ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande