উৰুকা উপলক্ষে টংলা সাপ্তাহিক বজাৰত বিভিন্ন প্ৰজাতিৰ মাছেৰে উভয় নদী
ওদালগুৰি, ১৩ জানুৱাৰী (হি.স.)। উৰুকা উপলক্ষে টংলা সাপ্তাহিক বজাৰত বিভিন্ন প্ৰজাতিৰ মাছেৰে উভয় নদী। আজি উৰুকা আৰু উৰুকা বুলিলে উখল-মাখল হয় প্ৰতিখন মাছৰ বজাৰ। তাৰ ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ টংলাৰ সপ্তাহিক বজাৰ। ৫ ৰ পৰা ১৫ কেজি ওজনৰ ভকুৱা,ৰৌ, বৰাল
উৰুকা উপলক্ষে টংলা সাপ্তাহিক বজাৰত বিভিন্ন প্ৰজাতিৰ মাছেৰে উভয় নদী


ওদালগুৰি, ১৩ জানুৱাৰী (হি.স.)। উৰুকা উপলক্ষে টংলা সাপ্তাহিক বজাৰত বিভিন্ন প্ৰজাতিৰ মাছেৰে উভয় নদী। আজি উৰুকা আৰু উৰুকা বুলিলে উখল-মাখল হয় প্ৰতিখন মাছৰ বজাৰ। তাৰ ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ টংলাৰ সপ্তাহিক বজাৰ। ৫ ৰ পৰা ১৫ কেজি ওজনৰ ভকুৱা,ৰৌ, বৰালি, চিতল, আৰী মাছেৰে উভয় নদী টংলাৰ বজাৰত। ৪০০ টকাৰ পৰা ১২০০ টকা দৰত বিক্ৰী হৈছে বিভিন্ন প্ৰকাৰৰ প্ৰতি কেজি মাছ ।পচণ্ডৰ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ মাজত হেতা ওপৰা।

গ্ৰাহকৰ মাজত উতসাহ দেখি ব্যৱসায়ী সকলেও সুযোগ বুজি মাছৰ দৰ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। আজি উৰুকাৰ নিশা মাছে মঙহে লগে ভাগে এসাঁজ খোৱাৰ মানসৰে ভিৰ কৰিছে বজাৰত । সকলোৱে নিজৰ পচণ্ড অনুসৰি মাছ ক্ৰয় কৰিব সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande